গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : মঙলবাৰে গুৱাহাটী মহানগৰীত ৩৮০ জন লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত বুধবাৰে পুৱাৰ ভাগত পুনৰ ১২২ জন লোক গুৱাহাটীত আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰবাসীক লক ডাউনৰ নীতি-নিৰ্দেশনা কঠোৰ ভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।

ৰাজ্যত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত অধিক দ্ৰুত গতিত বৃদ্ধি পাইছে আক্রান্ত লোকৰ সংখ্যা। মঙলবাৰে ৰাজ্যত ৬১৩ জন লোক নতুনকৈ কৰ’ণা ভাইৰাছৰত আক্রান্ত হৈছিল। আক্রান্ত ৬১৩ জন লোকৰ ভিতৰত ৩৮০ জন লোক আছিল গুৱাহাটী মহানগৰীৰ। মঙলবাৰে ৬১৩ জন লোক আক্রান্ত হোৱাৰ পিছত বুধবাৰে পুৱাৰ ভাগত ৰাজ্যত পুনৰ ১৪০ জন লোক আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। আক্রান্ত ১৪০ জন লোকৰ ভিতৰত ১২২ জন লোক গুৱাহাটী মহানগৰীৰ। মঙলবাৰৰ পৰা বৰ্তমানলৈকে গুৱাহাটী মহানগৰীত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা ৫০২। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত এক টুইট যোগে প্ৰকাশ কৰে যে বুধবাৰে ৰাজ্যত নতুনকৈ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ১৪০ জন লোকৰ ভিতৰত ১২২ জন গুৱাহাটী মহানহৰীৰ। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মহানগৰবাসীক আতংকিত নোহোৱাৰ লগতে লক ডাউনৰ নীতি-নিৰ্দেশনা কঠোৰ ভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, গুৱাহাটীত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে যোৱা দেওবাৰৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে। অসমত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা হৈছে ৮,৫৪৭ জন। আক্রান্ত ৮,৫৪৭ জনৰ ভিতৰত ৫,৬৪৭ জন লোক আৰোগ্য লাভ কৰিছে যদিও কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। ৰাজ্যত বৰ্তমান কৰ’ণা ভাইৰাছত আক্রান্ত ২,৮৮৫ জন ৰোগী চিকিৎসাধীন হৈ আছে।