গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চি পি আই (এম)ৰ উত্তাল প্ৰতিবাদ। অস্বাভাৱিক হাৰত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বাওঁপন্থী দলটোৱে। পেট্ৰ’ল-ডিজেলৰ শুল্ক আৰু মূল্যবৃদ্ধি অতি শীঘ্ৰে হ্ৰাস কৰাৰ দাবী বাওঁপন্থী দলটোৰ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা ভাইৰাছৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেশত প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে অধিক জুৰুলা কৰিছে ৰাইজক। দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰ চৰকাৰ ব্যৰ্থ হোৱাত বিৰোধী দল সমূহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে চৰকাৰক। বিগত কিছুদিন ধৰি কংগ্ৰেছ দলে পেট্ৰ’ল-ডিজেলৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিক লৈ কেন্দ্ৰৰ মোদী চৰকাৰক আক্ৰমণ কৰি প্ৰতিবাদ চলাই থকাৰ মাজতে এইবাৰ প্ৰতিবাদ নামিল বাওঁপন্থী দল চি পি আই (এম)।

বুধবাৰে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে পেট্ৰ’ল-ডিজেলৰ মূল‌্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ‘প্ৰতিবাদ দিৱস’ পালন কৰা হয়। দলৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুযায়ী লক ডাউনৰ নীতি-নিয়ম ভংগ নকৰাকৈ আৰু সম্পূৰ্ণ সামাজিক-শাৰীৰিক দূৰত্ব বজাই ৰাখি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱত চি পি আই (এম)ৰ সমৰ্থকসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ আৰু প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বাওঁপন্থী কৰ্মীসকলে প্ৰতিবাদৰ জৰিয়তে চৰকাৰক অতি শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।

চি পি আই (এম)ৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে দলটোৱে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি উল্লেখ কৰে যে, কভিড-১৯ৰ ক্ৰমবৰ্ধমান সংক্ৰমণ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ অপৰিকল্পিতভাৱে হঠাৎ লক ডাউন ঘোষণা কৰাৰ ফলত সৰ্বসাধাৰণ জনতাৰ জীৱন-জীৱিকা ধ্বংস হোৱাৰ উপক্ৰম হৈছে আৰু অগণন পৰিয়ালৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্দশা। এনে দুৰ্যোগ মুহূৰ্তত মোদী চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত নিষ্ঠুৰতম আক্ৰমণ কেন্দ্ৰীভূত কৰিছে। এই পটভূমিত চি পি আই (এম), চি পি আই, চি পি আই (এম এল)কে ধৰি দেশৰ বাঁওপন্থী দলসমূহে দেশৰ সংকটজৰ্জৰ জনসাধাৰণক সকাহ দিয়াৰ বাবে পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক অবিলম্বে হ্ৰাস আৰু পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জনাইছে।

উল্লেখ্য যে, ভাৰতত পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্ক বিশ্বৰ সকলোবোৰ দেশৰ তুলনাত অধিক। পেট্ৰ’ল-ডিজেলৰ লেকামহীন মূল্যবৃদ্ধিৰ ফলত তৈল কোম্পানীসমূহে অত্যধিক হাৰত লাভ বুটলিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে অত্যধিক পৰিমাণৰ ৰাজহ। বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন-জীৱিকা ৰক্ষাৰ সলনি মোদী চৰকাৰৰ এই জনবিৰোধী নীতি নিঃসন্দেহে এক অক্ষমনীয় অপৰাধ হিচাপে বিবেচিত হৈছে। চৰকাৰৰ এই নীতিৰ প্ৰতিবাদত বাঁওপন্থী দলবোৰে ঐক্যবদ্ধভাৱে ৰাষ্ট্ৰজোৰা আন্দোলন সংগঠিত কৰিছে বুলিও বিবৃত্তিত উল্লেখ কৰে বাওঁপন্থী দলটোৱে। অসমত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱ ৰাজ্যখনৰ জনসাধাৰণ, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীটোৰ ওপৰত সৰ্বাধিক পৰিছে। ৰাজ্যত পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পৰিবহন মাচুল বৃদ্ধিৰ উপৰি সকলো সামগ্ৰীৰ ওপৰত অভাৱনীয় প্ৰভাৱ পেলাইছে বুলিও উল্লেখ কৰে।

গুৱাহাটীত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰাৰ বাবে চি পি আই (এম) দলটোৱে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰা বিৰত থাকে। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত দলটোৱে পৰৱৰ্তী সময়ত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিবলৈ দিয়ে।