গুৱাহাটী, সংবাদ ৩৬৫, ৮ জানুৱাৰী : গুৱাহাটীত ডকাইতি হত্যাকাণ্ড । দিশপুৰৰ আইন মহাবিদ্যালয় পথৰ ২০ নম্বৰ ঘৰতে সংঘটিত হয় ডকাইতি হত্যাকাণ্ড । প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া পৰেশ চন্দ্ৰ বৰুৱাৰ গৃহত নিশা প্ৰৱেশ কৰিছিল এটা ডকাইতৰ দলে ।

পৰেশ চন্দ্ৰ বৰুৱাৰ পত্নীয়ে প্ৰত্যক্ষ কৰিছিল বৰুৱাৰ মৃতদেহটো। তাৰ আৰক্ষী আহি উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । পুৱাই পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ৷

উল্লেখযোগ্য যে ডকাইত প্ৰৱেশ কৰাৰ সময়ত ঘৰত অকলে আছিল পৰেশ চন্দ্ৰ বৰুৱা । অৱসৰপ্ৰাপ্ত আছিল পৰেশ চন্দ্ৰ বৰুৱা ।

মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত বান্ধি থোৱা অৱস্থাত আছিল মৃতদেহটো । মূৰত আঘাতৰ চিন স্পষ্ট আছিল। এতিয়াও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত আছে ।

নিহত পৰেশ চন্দ্ৰ বৰুৱাৰ পত্নী বিশিষ্ট চিকিৎসক ডাঃ গৰিমা শইকীয়া বৰুৱা ।