ইণ্টাৰনেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ৮ জানুৱাৰী : কাছিম ছুলেমানীৰ মৃত্যুৰ পিছত ইৰাণ আৰু আমেৰিকাৰ মাজত চূড়ান্ত পৰ্যায় পাইছেগৈ সংঘাতে ।

শনিবাৰৰ নিশা ইৰাকৰ ৰাজধানী বাগদাদস্থিত আমেৰিকান দূতাবাসলৈ লক্ষ্য কৰি তিনিটাকৈ ৰকেটেৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণ ইৰাণে সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

মঙলবাৰৰ নিশাও ইৰাকস্থিত আমেৰিকান এয়াৰবেছলৈ লক্ষ্য কৰি এক ডজনৰো অধিক মিছাইলেৰে আক্ৰমণ কৰে ইৰাণে। কেমেৰাৰ সন্মুখতে বিস্ফোৰণ ঘটিছে কেইবাটাও মিছাইল।

পেন্টাগনে প্ৰকাশ কৰিছে এই আক্ৰমণৰ কথা । আমেৰিকান সেনাই টুইটযোগে কৈছে যে ৭ জানুৱাৰীত ইৰাণে ইৰাকস্থিত আমেৰিকান সেনা আৰু মিত্ৰজোঁট সেনাৰ এয়াৰবেছত এক ডজনৰো অধিক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে।