সংবাদ ৩৬৫,, ৯ ডিচেম্বৰঃ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী আৰু দেশৰ জনপ্ৰিয় মহিলা ছোনিয়া গান্ধীৰ আজি জন্মদিন। কংগ্ৰেছ নেত্ৰীগৰাকীৰ জন্মদিন আজি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন আৰু আজাৰাস্থিত এছ অ’ এছ শিশু গাঁৱৰ অনাথ শিশুসকলৰ মাজত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। পুৱা বহুসংখ্যক নেতা-কৰ্মীৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাজীৱ ভৱনত কেক কাটি ছোনিয়া গান্ধীৰ জন্মদিন পালন কৰে। কেক কাটোতে ৰিপুন বৰাক সহযোগ কৰে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই। বিয়লিৰ ভাগত এক ওলহ-মালহ পৰিৱেশত এছ অ’ এছ শিশু গাঁৱৰ অনাথ শিশুসকলৰ মাজত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শিশু সকলৰ সৈতে কেক কাটি ছোনিয়া গান্ধীৰ জন্মদিন পালন কৰে। এই অনুষ্ঠানত কেবাগৰাকী শিশুৱে গীত আৰু নৃত্য পৰিৱেশন কৰাৰ উপৰি জনপ্ৰিয় শিল্পী ৰূপম তালুকদাৰে এক’ৰ্ডিয়ানত ‘মানুহে মানুহৰ বাবে’ গীতটোৰ উপৰি কেবাটি গীত বজাই শিশুসকলক মনোৰঞ্জন দিয়ে। শিশু গাঁৱৰ এগৰাকী শিশুৱে নিজ হাতেৰে অঁকা এখন ছবি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ জৰিয়তে ছোনিয়া গান্ধীক উপহাৰ হিচাপে আগবঢ়ায়। এছঅএছ শিশু গাঁৱৰ সঞ্চালক সুবোধ দাসে এই অনুষ্ঠানটিৰ প্ৰতি গান্ধী পৰিয়ালে আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু বিশ্বৰ ১৩৪ খন দেশত থকা থকা এছঅএছ শিশু গাঁৱক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় ইন্দিৰা গান্ধী কিদৰে ভাৰতলৈ আমন্ত্ৰণ কৰি আনিছিল আৰু কিদৰে দৰং জিলাৰ ভকতপাৰাত এছঅ’এছ শিশু গাঁৱৰ আধাৰশিলা স্থাপন কৰিছিল সেই বিষয়ে বৰ্ণনা কৰে। ছোনিয়া গান্ধীৰ জন্মদিন উপলক্ষ্য প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা শিশু গাঁৱৰ প্ৰায় আঢ়ৈশ শিশুৰ বাবে আজি নিশাৰ আহাৰৰো ব্যৱস্থা কৰা হয়। নলবাৰীটো মহিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিন উদযাপন কৰা হয়। নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকাৰৰ নেতৃত্বত ছোনিয়া গান্ধীৰ জন্মদিন উদযাপন অনুষ্ঠানত পাপৰি মালাকাৰে নিজা উদ্যোগত দৰিদ্ৰ মহিলাসকলক বস্ত্ৰ আৰু শিশু ছাত্ৰ ছাত্ৰীক কাঠপেঞ্চিল বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি পাপৰি মালাকাৰে কয় যে ছোনিয়া গান্ধী মহিলা সমাজৰ বাবে আদৰ্শ। ছোনিয়া গান্ধীৰ মনত আপোন পৰ, উচ্চ নিচ ভাব নাই। দেশৰ উন্নতিৰ বাবে ছোনিয়া গান্ধী আজিও কাম কৰি আছে আৰু তেওঁৰ আদৰ্শ অনুধাৱন কৰি দেশৰ সকলো মহিলাকে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। ছোনিয়া গান্ধীৰ জন্মদিন উপলক্ষ্য আয়োজন কৰা অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছৰ মুখ্যপাত্ৰ দিব্যজ্যোতি হালৈসহ শতাধিক মহিলা উপস্থিত থাকে।