মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্ম্মা, ৯ ডিচেম্বৰঃ “যত পৰিস্কাৰ তাতেই সংস্কাৰ”এই বাক্যৰ এতিয়া কোনো মূল্য নাই জাগুনত। তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত টিংকুপানী সংৰক্ষণ বনাঞ্চলৰ দুয়ো কাষে এতিয়া এচাম দুষ্কৃতিকাৰীয়ে জাবৰৰ দমৰে উপচায় পেলাইছে। জাৱৰ দম দেখিলে এনে অনুভৱ হয় যেন এইখন বনাঞ্চল নহয় জাৱৰ পেলোৱা ঠাইহে। বৰ্তমান এই জাৱৰবোৰ গেলিবলৈ লোৱাত অঞ্চলটোত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। বাঞ্চলৰ কাষেৰে পাৰ হৈ যাওঁতে পথচাৰীয়ে নাক কোচাই যাতায়ত কৰিব লগা হৈছে। সদা ব্যস্ত এইটো পথেদি অৰুণাচলৰ জয়ৰামপুৰ আৰু নামপুংৰ হাজাৰ হাজাৰ লোক অহা যোৱা কৰাৰ লগতে পথটোৱে ম্যানমাৰৰ দৰে এখন দেশকো সংযোগ কৰে। অঞ্চলটোৰ স্থানীয় নাগৰিকসকলে বনাঞ্চলখন সুৰক্ষিত কৰি ৰখাৰ বিপৰীতে জাৱৰ পেলাই বাঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰাহে পৰিলক্ষিত হৈছে। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰখনে সমগ্র ভাৰতবৰ্ষখন স্বচ্ছ ভাৰত আৰু স্বচ্ছ অসম গঢ়াৰ সপোন দেখিছে সেই সময়ত এচাম দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত এনেদৰে যতে ততে জাবৰ পেলাই বিভিন্ন স্থানত পৰিবেশ বিনষ্ট কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলৰ পৰিবেশো প্ৰদূষীত কৰি তুলিছে। এই ক্ষেত্ৰত নাগৰিকসকল এতিয়াও সচেতন হোৱা নাই যদিও প্ৰশাসনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। ডিগবৈ বন সংমণ্ডলৰ অন্তগত জাগুন আঞ্চলিক বন বিভাগ তথা প্ৰশাসন যদি এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে এই বনাঞ্চলখন অতি শীঘ্ৰে জাৱৰৰ পাহাৰত পৰিণতিত হব।