ৰঙাপাৰাৰ পৰা জয় কিশোৰ ঝা, ৯ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপাৰাত কিছুদিন পূৰ্বে ঘগৰা চাহ বাগিছাত জাকৰ পৰা ফালৰি কাটি আহি পথভ্ৰষ্ট হোৱা এটি কণমানি হাতীৰ পোৱালীক স্থানীয় ৰাইজে আৰু সাংবাদিকে উদ্ধাৰ কৰাৰ পিছত শনিবাৰে পুনৰ এটি হাতীৰ পোৱালী উদ্ধাৰ হৈছে। অসম অৰুণাচল প্ৰদেশৰ সীমান্তবর্তী ৰঙাপাৰাৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ নিলগৰ পাহাৰৰ দাঁতিত শনিবাৰে উদ্ধাৰ হয় এটি হাতীৰ পোৱালী। লাইগাঙপাৰাত গদাধৰ নৈত হাতীৰ পোৱালী ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় কিছুমান মহিলাই বহু কষ্ট কৰি হাতীৰ পোৱালীটোক নৈৰ পৰা উদ্ধাৰ কৰি পাৰলৈ লৈ আহে। স্থানীয় মহিলাসকলে হাতীৰ পোৱালীটোক নৈৰ পাৰলৈ আনি খাদ্য যোগান ধৰি বন বিভাগক খবৰ দিয়ে। হাতীৰ পোৱালী উদ্ধাৰ হোৱাৰ খবৰ পাই আমাৰীবাৰী বন বিভাগৰ এটি দল আহি হাতীৰ পোৱালীটোক চিকিৎসা প্ৰদান কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনঃ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।