গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: সুদীৰ্ঘ ১৭বছৰৰ বিৰতিৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন। পুৱা ৮বজাৰ পৰা শান্তি আৰু সুকলমে আৰম্ভ হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।

১৭ বছৰ বিৰতিৰ পিছত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনত মুঠ ১০টা পদৰ বাবে সৰ্বমুঠ ৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাছে। বৃহস্পতিবাৰে আবেলি ৪ বজালৈ চলিব লগা ভোটদান প্ৰক্ৰিয়াত মুঠ ৮১৬গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য।পুৱা ৮বজাৰ আগতেই সকলো প্ৰাৰ্থীয়ে নিজৰ নিজৰ সহপাঠীৰ সৈতে গুৱাহাটী প্ৰেছ ক্লাৱৰ বাকৰিত উপস্থিত হয়। গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনক লৈ প্ৰাৰ্থী সকলৰ লগতে সাংবাদীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়।

আনহাতে ১৭বছৰৰ বিৰতিৰ পিছত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনক অ‍বৈধ বুলি দাবী কৰি নিৰ্বাচনৰ বিৰোধিতাৰে আদালতৰ কাষ চাপিছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়া৷ গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ আপত্তিক বুধবাৰে নিম্ন আদালতত ত্ৰিদিব কুমাৰ ভট্টাচাৰ্যৰ বিচাৰপীঠে খাৰিজ কৰিছিল।