গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে সাজু হৈছে শাসকীয়া পক্ষ।বিশেষ সূত্ৰই জনোৱা তথ্য লগতে মিত্ৰজোঁটৰ দাবী অনুসৰি শুকুৰবাৰে বিজেপিৰ তৃতীয়জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।

অহা ২৬ মাৰ্চত ৰাজ্যসভাৰ তিনিটা আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। প্ৰথমখন আসনৰ বাবে শাসকীয় বিজেপি দলে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী নেতা ভুৱনেশ্বৰ কলিতাৰ নাম ঘোষণা কৰাৰ লগতে দ্বিতীয়খন আসন এৰি দিছে মিত্ৰজোঁটৰ দল বি পি এফৰ প্ৰাৰ্থী সাংসদ বিশ্বজিত দৈমাৰীক। দৈমাৰীয়ে ইতিমধ্যে বুধবাৰে দাখিল কৰিছে মনোনয়ন পত্ৰ। ইফালে বাকী থকা তৃতীয়খন আসনৰ বাবে বিৰোধী পক্ষ কংগ্ৰেছ আৰু এ আই ইউ ডি এফয়ে সাংবাদিক অজিত কুমাৰ ভূঞাক সমৰ্থন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে বিজেপিয়েও টঙালি বান্ধিছে তৃতীয়খন আসন দখল কৰাৰ বাবে। বিজেপিয়ে তৃতীয়খন আসনৰ বাবে আন এজনক প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত প্ৰদান কৰে। এই সন্দৰ্ভত বিতমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধী দলৰ প্ৰাৰ্থীসমূহ পৰ্যবেক্ষণৰ পিছতহে বিজেপিয়ে তৃতীয়খন আসনৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিব।

বিজেপিৰ বিশেষ সূত্ৰৰ দাবী অনুসৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী সাংবাদিক অজিত কুমাৰ ভূঞাৰ বিপৰীতে বিচৰা হৈছে এজন সাংবাদিক। পিছে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা শাসকীয় পক্ষৰ প্ৰাৰ্থীৰ নাম।