কুন্দন ভৰালী

নগাঁও

১২ নৱেম্বৰ

২৬ নৱেম্বৰত দেশজুৰি বেচৰকাৰী শ্ৰমিক সন্থাৰ অৱস্থান ধৰ্মঘট। নগাওঁ জিলা সমিতিয়েও জনাইছে পূৰ্ণ সমৰ্থন। বিজেপি চৰকাৰৰ বিৰুদ্ধে জনবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগত বেচৰকাৰী শ্ৰমিক সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

কেন্দ্ৰৰ বিজেপি চৰকাৰখনে শ্ৰমিক, কৃষক, নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰক এই নীতি সমূহ পৰিবৰ্তনৰ দাবী জনাই আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে অহা ২৬ নৱেম্বৰত দেশজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বেচৰকাৰী শ্ৰমিক কৰ্মচাৰী সন্থাই। আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৭,৫০০ টকাকৈ প্ৰদান কৰা, এম জি এনেৰেগাৰ কাম ২০০ দিনলৈ বৃদ্ধি কৰি শ্ৰমিকক দৈনিক ৬০০ টকাকৈ মজুৰি প্ৰদান কৰা, বেংক বীমা আদি কেইবাটাও দাবীকলৈ
বেচৰকাৰী শ্ৰমিক সন্থাই আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচীত পূৰ্ণ সমৰ্থন আগবঢ়াইছে নগাঁও জিলা বেচৰকাৰী মটৰ শ্ৰমিক সন্থাই।বৃহস্পতিবাৰে নগাঁৱত এক সংবাদ মেলৰ আয়োজন কৰি শাসকীয় বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি নগাঁও জিলা বেচৰকাৰী শ্ৰমিক সন্থাৰ কৰ্মকর্তা সকলে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰকখনে গ্ৰহণ কৰা জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা ২৬ নৱেম্বৰত দেশজুৰি বেচৰকাৰী শ্ৰমিক সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্তক নগাঁও জিলা বেচৰকাৰী শ্ৰমিক সন্থাই পূৰ্ণ সমৰ্থন জনাই ২৬ নৱেম্বৰত নগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰিব।

ইফালে প্ৰতিদিনে অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে নগাঁও জিলা বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ কৰ্মকর্তা সকলে। যোগান মন্ত্রী ফণী ভূষণ চৌধুৰীক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায় নগাঁও জিলা বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ কৰ্মকর্তা সকলে।