বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৪ মাৰ্চ: বঙাইগাঁও জিলাৰ যোগীঘোপাত থকা ইটা ভাটাসমুহে ব্যাপক প্ৰদূষণ সৃষ্টি কৰাৰ সময়তে ষ্টাৰ ব্ৰিক ইণ্ড্ৰাষ্টী নামৰ ইটা ভাটা এটাৰ দেৱাল খহি পৰাত মহিলাসহ ছয়গৰৰকীকৈ শ্ৰমিক আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তেজনা সৃষ্টি কৰিছে৷ এইদৰে ইটা ভাটাৰ দেৱাল খহি শ্ৰমিক আহত হোৱাত অঞ্চলটোৰ স্থানীয় ৰাইজে ইটা উদ্যোগটো বন্ধ কৰাৰ দাবী জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ উল্লেখ্য যে, যোগীঘোপাৰ বালাপাৰাস্থিত ষ্টাৰ ব্ৰিক ইণ্ড্ৰাষ্টী নামৰ ইটা ভাটা এটাত কাম কৰি থকা অৱস্থাত দেৱাল খহি পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ দুৰ্ঘটনাটোত ছয় গৰাকীকৈ শ্ৰমিক ইটা দোমৰ মাজত আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাত ইটাৰ দোমৰ মাজত আবদ্ধ শ্ৰমিকসকল ইটা ভাটাত কাম কৰি থকা অন্য শ্ৰমিকসকলে প্ৰায় এঘন্টা ধৰি চেষ্টা চলাই উদ্ধাৰ কৰে। ইটাৰ তলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকল হল খোদা বোক্স, চফিউৰ ৰহমান, আমিনা বেগম, মুন্নি বেগম, কদৰ ভান বিবি আৰু অজিতা বেগম। ইয়াৰে অজিত বেগমক গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ অঞ্চলটোত প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহ অতি শীঘ্ৰে বন্ধ কৰা দাবী জনায় ৰাইজে৷ ৰাইজৰ অভিযোগ মতে অঞ্চলটোত প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাবে কিছুমান লোকে উদ্যোগ চলাই আছে৷ কিছু বছৰ পূৰ্ৱে ষ্টাৰ ব্ৰিক ইণ্ড্ৰাষ্টী নামৰ ইটা ভাটা প্ৰশাসনে ছীল কৰিছিল যদিও পৰৱৰ্তী সময়ত পুনৰ মুকলি কৰি দিয়াত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ ইটা ভাটসমূহৰ ব্যাপক প্ৰদূষণৰ ফলত অঞ্চলটোৰ লোকসকল ভয়ংকৰ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে৷ বিদ্যালয়, কবৰস্থান লগতে জনবসতিপূৰ্ণ এলেকাত স্থাপন কৰা ষ্টাৰ ব্ৰিক ইণ্ড্ৰাষ্টী নামৰ উদ্যোগটো বন্ধ কৰাৰ বাবে প্ৰশাসনক বহুবাৰ ৰাইজে আবেদন জনাই আহিছে যদিও প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন কৰা নাই৷ ব্যাপক প্ৰদূষণ সৃষ্টি কৰা উদ্যোগটোৱে প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি কাম চলাই থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বঙাইগাঁও জিলাৰ যোগীঘোপা, বালাপাৰা, পাৰ্লিতল, বৰপাৰা অঞ্চলসমূহত প্ৰায় ৩০ টা ইটা ভাটাই ব্যাপক প্ৰদূষণ সৃষ্টি কৰি ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ কৃষিভূমি, জলাশয় আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ তুলি ইটা ভাটা সমূহ বন্ধৰ দাবী তুলিছে স্থানীয় ৰাইজে।