ৰঙিয়া, সংবাদ ৩৬৫, ২৭ মাৰ্চ: ৰঙিয়া চহৰত মঙলবাৰে চলন্ত বাছত যাত্ৰীৰ ধন চুৰি কৰিবলৈ লওতে হাতে লোটে ধৰে পৰে এজন পকেটমাৰ। তামুলপুৰৰ চমিৰ আলী নামৰ পকেটমাৰজন দৰংগামেলাৰ পৰা ৰঙিয়া অভিমুখী বাছ এখনত যাত্ৰী হিচাপে উঠি অতি কৌশলেৰে এজন যাত্ৰী ধন লুট কৰিবলৈ লওঁতে হাতে লোটে ধৰা পৰে। ৰঙিয়াৰ তুলসীবাৰীত পকেটমাৰজন ধন লুট কৰি থাকোতে ধৰা পৰাত একাংশ উত্তেজিত ৰাইজে পকেটমাৰজনক গণ প্ৰহাৰ কৰি ধৃত পকেটমাৰজনক তুলসীবাৰী আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, কামৰূপ জিলাৰ ৰঙিয়াত দিনক দিনে চুৰি ডকাইতিৰ লগতে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।