ছয়গাঁও

৭ আগষ্ট

ৰাভা ছাত্ৰ সন্থাৰ গুৰুত্বৰ অভিযোগ, চোৰাং কাঠ ব্যৱসায়ীৰ পৰা বামুণীগাঁৱৰ বনাঞ্চলিক বিষয়া কুশল দাসে মাহেকত ২০ হেজাৰ টকাকৈ লয়। কুশল দাসৰ নেতৃত্বত চলে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বেহা। অঞ্চলটোৰ চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৰাভা ছাত্ৰ সন্থাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ।

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিভিন্ন অঞ্চলত চলি আছে চোৰাং কাঠৰ ব্যৱসায়৷ নিতৌ নিশাৰ ভাগত চাইকেল, ঠেলা আদিৰে চোৰাং বেপাৰীয়ে সৰবৰাহ কৰি আছে মূল্যৱান কাঠ৷ বিশেষকৈ বিগত কিছুদিনৰ পৰা বামুণীগাঁও আৰু কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ ৰতনপুৰ আৰু জালুকবাৰীৰ বিভিন্ন অঞ্চলত চোৰাং কাঠ বেপাৰীৰ দৌৰাত্ম্য বৃদ্ধি পোৱাত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ভীষণ উদ্বিগ্ন হৈ পৰিছে। বিগত কিছুদিন ধৰি ৰাভা ছাত্ৰ সন্থাই চোৰাং কাঠ সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ কাঠ। ৰাভা ছাত্ৰ সন্থাই নিশাৰ ভাগত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত সহযোগ কৰিছে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে৷ কিছুদিন পূৰ্বে ছয়গাঁও ৰাভা ছাত্ৰ সন্থাই ৭ খন চাইকেলত চোৰাং কাঠ কঢ়িয়াই অনা চাইকেলসহ কাঠ জব্দ কৰি কুলশী বনাঞ্চলিক কাৰ্যালয়ক চমজাই দিছিল৷

বৃহস্পতিবাৰে সন্ধিয়াও ৰাভা ছাত্ৰ সন্থাই চোৰাং তিনিখন চাইকেলত ফলা কাঠ কঢ়িয়াই নিয়াৰ খবৰ লাভ কৰি ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে চাইকেল কেইখনৰ পিচ লোৱাত চোৰাং বেপাৰি কেইজনে কাঠখিন পথৰ ওপৰত পেলাই পলায়ন কৰে। পিচত উক্ত কাঠখিনি ৰাভা ছাত্ৰ সন্থাই ৰিহাবাৰীস্থ কাৰ্যালয়লৈ লৈ আহে৷ পৰৱৰ্তী সময়ত ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে এক গোপন খবৰৰ ভিত্তিত পুনৰ অভিযান চলাই এখন চোৰাং কাঠ কঢ়িওৱা চাইকেলৰ পিচ লোৱাত ফালাঘাটৰ তপন কলিতা নামৰ এজন লোকৰ ঘৰত উপস্থিত হয়৷ তপন কলিতাৰ ঘৰত ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে চাইকেলসহ চোৰাং কাঠ জব্দ কৰাৰ লগতে তপন কলিতাৰ ঘৰৰ পিচফালে জমা কৰি ৰখা বহু সংখ্যক ফলা কাঠ উদ্ধাৰ কৰে৷ তপন কলিতাৰ আন এটা ঘৰৰ পৰাও কিছু ফলা কাঠ জব্দ কৰে ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে। ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে জানিবলৈ দিয়ামতে ফালাঘাট গাঁৱৰ তপন কলিতা নামৰ লোকজনে দীৰ্ঘদিন ধৰি ঘৰৰ পৰাই চোৰাং কাঠৰ ব্যৱসায় চলাই আছিল। আনকি তপন কলিতাৰ ঘৰত কাঠফলা সৰু মেচিন এটা আছে বুলিও জানিবলৈ দিয়ে ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে৷ অৱশ্যে নিশা চলোৱা অভিযানত তপন কলিতাৰ ঘৰৰ পৰা চোৰাং কাঠ জব্দ কৰাৰ সময়ত তপন কলিতাই পলায়ন কৰে আৰু কাঠফলা মেচিনটোও কৰবাত লুকুৱাই থৈ যায় যদিও মেচিনৰ কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে।

ইফালে নিশা চোৰাং কাঠখিনি জব্দ কৰাৰ পিচত কাঠখিন বন বিভাগক চমজাই দিবলৈ ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসক কেইবাবাৰো ফোন কৰাৰ পিচতো বিষয়া গৰাকীয়ে ফোন ৰিচিভ নকৰা বুলি জানিবলৈ দিয়ে ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে৷ কাঠ জব্দ কৰা ঠাইখিনি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ এলেকা হয় যদিও বনাঞ্চলিক বিষয়া কুশল দাসে ফোন ৰিচিভ নকৰাৰ বাবে অৱশেষত ৰাভা ছাত্ৰ সন্থাই কুলশীৰ বনাঞ্চলিক বিষয়াক ফোন কৰে আৰু শুকুৰবাৰে পুৱা কুলশী বনাঞ্চলিক বিষয়া ঘটনাস্থলীত উপস্থিত হৈ জব্দ হোৱা কাঠখিনি চমজি লয়। আনহাতে ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে অভিযোগ কৰে যে উক্ত অঞ্চলৰ কেইবাখনো ঠাইত চোৰাং কাঠৰ বেহা চলাই থকা চোৰাং কাঠ ব্যৱসায়ীৰ পৰা বামুণীগাঁৱৰ বনাঞ্চলিক বিষয়া কুশল দাসে মাহেকত ২০ হেজাৰ টকাকৈ আদায় লয়৷

বৃহস্পতিবাৰে নিশা তপন কলিতাৰ ঘৰৰ পৰা জব্দ কৰা কাঠখিনি চমজাই ল’বলৈ বনাঞ্চলিক বিষয়া গৰাকীৰ সাহস নহ’ল বুলি ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰকাশ কৰে৷ তপন কলিতাৰ পৰাও বনাঞ্চলিক বিষয়া গৰাকীয়ে মাহেকত ২০ হেজাৰকৈ আদায় লয় বুলি অভিযোগ কৰে ৰাভা ছাত্ৰ সন্থাৰ সদস্য সকলে৷ নিশা জব্দ কৰা ননশাল ফলা কাঠ খিনিৰ মূল্য ৫০ হেজাৰতকৈ অধিক হ’ব বুলি বন বিভাগে জানিবলৈ দিছে ৷