গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : ৰাজ্যত পুনৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। গোৱালপাৰা জিলাৰ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আক্রান্ত লোকজন কন্টেইনমেন্ট জ’নত আছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মাৰাত্মক কৰ’ণা ভাইৰাছে এক সংহাৰীৰূপ ধাৰণ কৰিছে। উৎকৃষ্ট সাৱধানতা অৱলম্বন কৰাৰ বাবেই অসম কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ পৰা অন্য ৰাজ্যৰ তুলনাত কিছু হাত সাৰি আছিল যদিও অসমত কৰ’ণা ভাইৰাছৰ আক্ৰান্ত প্ৰথমজন লোকৰ কথা ৩১ ডিচেম্বৰত পোহৰলৈ আহিছিল। ইয়াৰ পিছতে এক নিৰ্দিষ্ট গতিত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে। মঙলবাৰে গোৱালপাৰা জিলাত নতুনকৈ কন্টেইনমেন্ট জ’নত থকা এজন লোকৰ দেহত সন্ধান পোৱা গৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ। গোৱালপাৰাৰ নতুনকৈ আক্রান্ত লোকজনৰ পিছতে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৪৩ লৈ বৃদ্ধি পাইছে যদিও আক্ৰান্ত লোক সকলৰ ভিতৰত ৩২ জনক সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

উল্লেখ্য যে, যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাত ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ পিছতে জিলাখনত পুনৰ ৩০ এপ্ৰিলত ৪ গৰাকীকৈ লোকে শৰীৰত মাৰাত্মক কভিড-১৯ কৰু’ণা ভাইৰাছ ধৰা পৰিছিল।