গুৱাহাটী, সংবাদ ৩৬৫, ৪ মে’ : দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে বশিষ্ট মন্দিৰৰ বান্দৰ সকলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী সুকমল বসুমতাৰী সাংবাদিক লীনা গগৈ, হালিমা বেগম, অনুপমা ডেকা, মাইনা গোস্বামী, কৰবী বৰশইকীয়া আদি উপস্থিত থাকে।

সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লক ডাউন। ইতিমধ্যে ৪০ দিন অতিবাহিত কৰা লক ডাউনৰ এই সময়ত গৃহবন্দীৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰিছে মানৱ জাতি। সংকটৰ এই সময়ত মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অসক্ষম হোৱাৰ ফলত বহু সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰে ভিতৰত সবাতোকৈ প্ৰধান সমস্যা হৈছে খাদ্য সংকট। মানুহৰ সমান্তৰালে বিভিন্ন মঠ-মন্দিৰ সমূহত থকা প্ৰাণী সমূহো খাদ্য সংকটত পৰিছে লক ডাউনৰ সময়ত। মহানগৰীৰ নৱগ্ৰহ, কামাখ্যা আৰু বশিষ্ট মন্দিৰত থকা বান্দৰ সমূহক লক ডাউনৰ এই সংকটৰ সময়ত বিভিন্ন জনে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱৰ ফালৰ পৰাও বশিষ্ট মন্দিৰৰ বান্দৰ সমূহক যোগান ধৰা হয় বিভিন্ন খাদ্য সমগ্ৰী। দিছপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী সুকমল বসুমতাৰীৰ লগতে মহানগৰীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকৰ দল এটা বশিষ্ট মন্দিৰত উপস্থিত হৈ মন্দিৰৰ বান্দৰ সমূহক খাদ্য সামগ্ৰী যোগান ধৰে।

দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত যোৱা সাংবাদিকৰ দলটোৱে মন্দিৰ প্ৰাংগণত থকা বান্দৰ সমূহৰ লগতে ছাগলী, পাৰ চৰাই আৰু মন্দিৰত উপস্থিত থকা কিছুসংখ্যক দুখীয়া লোকৰ মাজতো বুট, কল, পাউৰুটি আদি বিতৰণ কৰা কৰে।