গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : মঙলবাৰে ৰাজ্যত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। সন্ধিয়াৰ গোৱালপাৰা জিলাৰ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পিছত নিশাৰ ভাগত মন্ত্ৰী গৰাকীয়ে পুনৰ টুইট কৰি কোকৰাঝাৰ জিলাত আৰু এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি জানিবলৈ দিয়ে। গোৱালপাৰাৰ লোকজন কন্টেইনমেন্ট জ’নত থকাৰ পৰিবৰ্তৰ কোকৰাঝাৰৰ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকজনৰ বহিঃৰাজ্য ভ্ৰমণৰ ইতিহাস আছে।

লক ডাউনৰ মাজতো ভাৰতত প্ৰতিদিনে ভয়াবহ ভরে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। দেশৰ অন্যান্য ৰাজ্য সমূহত আক্রান্ত লোকৰ সংখ্যাৰ তুলনাত অসমত আক্রান্ত সংখ্যা যদিও কম, মঙলবাৰৰ দিনটোতে ৰাজ্যত দুজনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি। অসমত কভিড-১৯ কৰ’ণা ভাইৰাছৰ আক্ৰান্ত প্ৰথমজন লোকৰ কথা ৩১ ডিচেম্বৰত পোহৰলৈ আহিছিল। ইয়াৰ পিছতে এক নিৰ্দিষ্ট গতিত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে। মঙলবাৰে সন্ধিয়াৰ ভাগত গোৱালপাৰা জিলাত নতুনকৈ কন্টেইনমেন্ট জ’নত থকা এজন লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান পোৱাৰ কথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পিছত নিশাৰ ভাগত মন্ত্ৰী গৰাকীয়ে পুনৰ টুইট কৰি জানিবলৈ দিয়ে যে কোকৰাঝাৰ জিলাত আৰু এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা। ৰাজ্যত নতুনকৈ দুজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পিছতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৪ লৈ বৃদ্ধি পাইছে যদিও আক্ৰান্ত লোক সকলৰ ভিতৰত ৩২ জনক সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

উল্লেখ্য যে, যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাত ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ পিছতে জিলাখনত পুনৰ ৩০ এপ্ৰিলত ৪ গৰাকীকৈ লোকে শৰীৰত মাৰাত্মক কভিড-১৯ কৰু’ণা ভাইৰাছ ধৰা পৰিছিল। মঙলবাৰে নতুনকৈ আক্রান্ত হোৱা লোক দুজনৰ ভিতৰত গোৱালপাৰা জিলাত আক্রান্ত লোক জন কন্টেইনমেন্ট জ’নত থকাৰ পৰিবৰ্তৰ কোকৰাঝাৰৰ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকজনৰ পশ্চিম বংগৰ কোচবেহাৰ ভ্ৰমণ কৰাৰ ইতিহাস আছে।