গোৱালপাৰা, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী : মঙলবাৰে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ কোঠাকুঠিত সংঘটিত হোৱা এক বাছ দুৰ্ঘটনাত থিতাতে নিহত হয় ৬ জনকৈ লোক। তীব্ৰ বেগী বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰত ৬ জনকৈ লোক দুৰ্ঘটনাস্থলীতে নিহত হোৱাৰ পৰিবৰ্তে আহত হয় কেইবাজনো লোক।

ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি থকা এএছ-০১-বিচি-২৮৪৮ নম্বৰৰ নৈশ যাত্ৰীবাহি বাছ এখন গোৱালপাৰা জিলাৰ ধূপধৰাৰ কোঠাকুঠিত পুৱাৰ ভাগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটা এটাত খুন্দা মাৰি পথৰ কাষতে থকা খাৱৈত বাগৰি পৰাত বছখনত থকা ৬ জনকৈ যাত্ৰী থিতাতে নিহত হয়। ভয়াবহ দুৰ্ঘটনাত বছখনত থকা ৬ জনকৈ যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হয় কেইবাগৰাকী যাত্ৰী। দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় লোক সকলে বছখনত থকা আহত যাত্ৰী সকলক উদ্ধাৰ কৰি ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও ৪ জনকৈ যাত্ৰীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত আৰক্ষী আৰু সেনাৰ লোক উপস্থিত হৈ আহত যাত্ৰী সকলক উদ্ধাৰ কৰাৰ লগতে নিহত যাত্ৰী সকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।