মানকাচৰ, সংবাদ ৩৬৫, ৪ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত সটিমাৰী গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। গেলামালৰ দোকান এখনত অগ্নিকাণ্ডত সংঘটিত হোৱাত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকানখনত লক্ষাধিক টকা মূল্যৰ সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল বুলি দোকানখনৰ গৰাকীয়ে জানিবলৈ দিয়ে।

মানকাচৰৰ সটিমাৰী গাঁৱৰ আব্দুছ কুদ্দুছৰ পুত্ৰ জাকিৰ হোচেইনৰ গেলামালৰ দোকানখনত নিশা হঠাৎ অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ স্থানীয় ৰাইজ আতংকিত হৈ পৰে। জুইৰ লেলিহান শিখাই সমগ্ৰ দোকানখন আগুৰি ধৰাত নিমিষতে দোকানৰ ভিতৰত থকা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী সমূহৰ লগতে দোকানখনৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰ সমূহ সম্পুৰ্নৰূপে ভষ্মীভুত হয়। স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই জুই নুমাবলৈ চেষ্টা কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।