নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰক সমালোচনা সুস্মিতা দেৱৰ। বাঙালী জাতীয়তাবাদ পাহৰি নাযাবলৈ সকলোকে সুস্মিতা দেৱৰ।

‘আজি বৰাকত বাঙালী ভাষা বাচি আছে কাৰণে বহুত শ্বহীদ হ’ল, আকৌ যদি ছয় নম্বৰ দফা বলৱৎ কৰি বাঙালীৰ অধিকাৰ কাঢ়িবলৈ চেষ্টা কৰা হয় তেনেহ’লে কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু সুস্মিতা দেৱ ৰাজপথত নামিবই কিন্তু হিন্দু–মুছলমান সকলো পাহৰি আপোনালোকে বাঙালী হিচাপে বিৰোধ কৰিব লাগিব, আমাৰ মাতৃভাষা বাঙালী আৰু সেয়াই পৰিচয়।’

সুস্মিতা দেৱে চৰকাৰী চাকৰিত অসমীয়া ভাষা বাধ্যতামূলক কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন কৰে যে, ‘এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, অসমত চৰকাৰি চাকৰিত আৱেদন কৰিব হ’লে অসমীয়া ভাষা লাগিবই । কিন্তু বৰাকৰ লোকে অসমীয়া ভাষা নপঢ়ে গতিকে কেনেকৈ চৰকাৰী চাকৰি পাব?

সুস্মিতা দেৱে অসম সাহিত্য সভাই বৰাক আৰু বড়োলেণ্ডত অসমীয়া ভাষা বাধ্যতামুলক কৰাৰ কাৰণে কোৱা কথাকো সমালোচনা কৰে । ‘বাঙালীৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে পূৰ্বৰ দৰে সকলোৱে পথত ওলাব লাগিব, ধৰ্মৰ ভিত্তিত দ্বিখণ্ডিত নোহোৱাকৈ পথত নানামিলে বৰাকৰ কোনেও চাকৰি নাপাব ।’