নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : গোৱালপাৰাৰ ৰাস মহোৎসৱত ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা আই এছ আইৰ । ৰাঙলী হোৱাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা।

দেওবাৰে গোৱালপাৰাৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু গোৱালপাৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় তিনি উগ্ৰপন্থী। উগ্ৰপন্থী কেইজনৰ লক্ষ্য গোৱালপাৰাৰ ৰাস মহোৎসৱ।

উল্লেখ্য যে সুদীৰ্ঘ দিন বিভিন্ন কামত নিজকে নিয়োজিত কৰি এক ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল উগ্ৰপন্থীকেইজনে। ইয়াৰপাছত পৰীক্ষামূলকভাৱে ৰাসত বিস্ফোৰণ ঘটাই দিল্লীত ভয়ংকৰ কূটাঘাটৰ ৰচনা ৰচিছিল উগ্ৰপন্থীয়ে । এই কথা জানিবলৈ দিয়ে দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ ডিচিপিয়ে ।

গোৱালপাৰা আৰক্ষী আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা।

গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী কেইজনৰ দুজন কৃষ্ণাই ঢাইগাঁওৰ আৰু এজন কৃষ্ণাই নয়াপাৰাৰ বুলি চিনাক্ত হৈছে। উগ্ৰপন্থী কেইজন ক্ৰমে ৰঞ্জীত আলি, লুইট জমিউল আৰু জামালমোকাদ্দেছ ইছলাম ।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বোমা বিশেষজ্ঞ ই এই তিনিজনক বোমা বনোৱা প্ৰশিক্ষণ দিয়াৰ লগতে ইন্টাৰনেটৰ ভিডিঅ’ৰ জৰিয়তেও আই ই ডি নিৰ্মাণৰ কৌশল শিকিছিল ।

উগ্ৰপন্থী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে হাতেৰে নিৰ্মান কৰা এটা বোমা, এটা হেলমেট বোমা, এটা টাইমাৰৰ লগতে ১ কেজি বিস্ফোৰক সামগ্ৰী।

উল্লেখ কৰিব পাৰি যে এই অভিযানটোৰ বাবে দিল্লী আৰক্ষীৰ কেইবাজনীয়া এটা দলে বিগত কিছুদিন ধৰি গোৱালপাৰাত বাহৰ পাতি আছিল।