গুৱাহাটী, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ ক্ৰমাৎ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূব । সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে সজোৰে প্ৰতিবাদ কৰিছে এই বিলখনৰ বিৰুদ্ধে।

ৰাষ্ট্ৰপতিলৈ, প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীলৈ এই নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বাতিলৰ দাবীৰে স্মাৰক পত্ৰও প্ৰদান কৰা হৈছে। মুঠৰ ওপৰত সকলো উঠি পৰি লাগিছে এই বিতৰ্কিত বিলখনৰ বিৰুদ্ধে ।

সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো উক্ত বিলখনৰ বিৰোধিতাৰে প্ৰচাৰ অভিযানত নামি পৰে। কটনিয়ান অপ’জ কেব , জাতীয় নায়ক হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্লো গানৰ লগতে হাতেৰে অংকন কৰা কেব বিৰোধী শ্লো গানেৰে বিশ্ব বিদ্যালয়ৰ চৌহদ ভৰাই পেলায়।