নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ : চৰাইদেউত আটক সন্দেহজনক ছয়জন এন এছ চি এনৰ সদস্য। এন এছ চি এনৰ সহযোগত নগাই বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ। অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অভিযান । অভিযানত অত্যাধুনিক গছ কটা মেচিনৰ লগতে বাহন আৰু দুটা বন্দুক উদ্ধাৰ কৰে।

ইফালে আলফা স্বাধীনৰ এজন কেডাৰ তিনিচুকীয়াৰ জাগুনত সেনা আৰক্ষীৰ অভিযানত আটক কৰে। আলফা কেডাৰজন ধেমাজিৰ গুডু অসম বুলি জানিব পৰা গৈছে।

আলফা কেডাৰজনক বৰ্তমান আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । কেডাৰজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পইণ্ট টু পিষ্টল আৰু চাৰিজাই সজীৱ গুলী ।

ইফালে দেওবাৰে গোৱালপাৰাৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু গোৱালপাৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰে তিনিজন উগ্ৰপন্থী। উগ্ৰপন্থী কেইজনৰ লক্ষ্য আছিল গোৱালপাৰাৰ ৰাস মহোৎসৱ।

পৰীক্ষামূলকভাৱে ৰাসত বিস্ফোৰণ ঘটাই দিল্লীত ভয়ংকৰ কূটাঘাটৰ ৰচনা ৰচিছিল গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীকেইজনে।