বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৭ নং নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ ভাৰত ভূটান সীমান্তৰ আমলাইগুৰী গাঁৱৰ মঙ্গলসিংহ ব্ৰহ্মৰ চৰকাৰী সাহাৰ্য্যক প্ৰত্যাহ্বান। আমলাইগুৰী গাঁৱৰ মঙ্গলসিংহৰ ব্ৰহ্ম নামৰ শিক্ষিত যুৱকজনে আজো ককাৰ দিনৰে পৰা গো পালনৰ বৃত্তি পৰম্পৰাগত ভাৱে চলি আহিছে। গো পালনেৰে নিজৰ লগতে ৪ গৰাকীকৈ লোকক কৰ্ম সংস্থাপন দিয়াৰ লগতে মঙ্গলসিংহে চৰকাৰী সাহাৰ্য্য অবিহনে প্ৰায় ৮০ টাকৈ গাই গৰু পালন কৰি মাহেকত লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যি সময়ত ৰাজ্যত কেইবালাখ নিবনুৱাই চৰকাৰী চাকৰি পিছত দৌৰি হাবাথুৰি খাব লগা হৈছে তেনে সময়তে মঙ্গলৰ কৰ্ম বৃত্তিয়ে সমগ্ৰ অঞ্চলটোত দেখুৱাইছে কৰ্মসংস্থাপনৰ এক প্ৰশংসনীয় পথ। নিজৰ কৰ্মৰ জড়িয়তে বৰ্তমান সমগ্র অঞ্চলটোত মঙ্গলসিংহ এগৰাকী জনপ্ৰিয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে  ৰাজ্যৰ চৰকাৰৰ বিয়াগোম পশুপালন বিভাগে পৰবৰ্তী পৰ্যায়ত মঙ্গলসিংহক কি সাহায্য প্ৰদান কৰিব সেইয়া হে লক্ষণীয় হৱ।