আনিছুৰ আলী

গৌৰিপুৰ

৯ ডিচেম্বৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এইবাৰ নিজ মুখে আধাৰ কাৰ্ডৰ নামত ৫০০ টকাকৈ ধন সংগ্ৰহৰ কথা স্বীকাৰ কৰিলে গৌৰীপুৰৰ ৰূপসী উন্নয়ন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত ঢেপঢেপী গাঁও পঞ্চায়তৰ কৰ সংগ্ৰহকাৰী আবুল কাশেম আহমেদে। সৰ্বসাধাৰণ ৰাইজক আধাৰ কাৰ্ড দিয়াৰ নামত ধন সংগ্ৰহত নামিছে পঞ্চায়তৰ কৰ সংগ্ৰহকাৰী আবুল কাশেম আহমেদ।

আধাৰ কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতি আৰু ভয়াৱহ লুণ্ঠন ৰাজ চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। চৰকাৰে আধাৰ কাৰ্ড বিনামূলীয়াকৈ ৰাইজক প্ৰদান কৰিছে কিন্তু পঞ্চায়তৰ একাংশ কৰ সংগ্ৰহকাৰীয়ে আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰিছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত ঢেপঢেপী পঞ্চায়তৰ কৰ সংগ্ৰহকাৰী আবুল কাশেম আহমেদ নিজ মুখে আধাৰ কাৰ্ডৰ নামত ৫০০ টকাকৈ ৰাইজৰ পৰা সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰে। বিনামূলীয়াকৈ প্ৰদান কৰা আধাৰ কাৰ্ডৰ নামত প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিৰ পৰা অবৈধভাৱে ৫০০ ৰ পৰা ৭০০ টকাকৈ সংগ্ৰহ কৰি আছে পঞ্চায়তৰ একাংশ কৰ সংগ্ৰহকাৰী আৰু অন্যান্য দালাল সকলে। প্ৰশাসনৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ট দেখুৱাই একাংশ দালালে আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি চলাই গৈছে।

দৰিদ্ৰ ৰাইজৰ প্ৰশ্ন আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায় চলিছে নেকি গৌৰীপুৰৰ ঢেপঢেপী গাঁও পঞ্চায়তত? ৰাইজৰ অভিযোগ আৰু প্ৰশ্ন চৰকাৰে বিনামূলীয়া আধাৰ ক‍াৰ্ড প্ৰদান কৰিছে কিন্তু পঞ্চায়তটোৰ কৰ সংগ্ৰহকাৰী আবুল কাশেম আহমেদক আধাৰ কাৰ্ডৰ নামত কিয় দিব লাগে ধন? ৰাইজে আধাৰ কাৰ্ড কেন্দ্ৰটোত ধন সংগ্ৰহ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰি কৰ সংগ্ৰহকাৰী সকলক উচিত শাস্তি প্ৰদানৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক অনুৰোধ জনাইছে।