মুস্তাক আহমেদ

জুৰীয়াৰ 

৯ ডিচেম্বৰ

শিক্ষকৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ। ৰাজহুৱা খেলপথাৰৰ ভূমি বেদখল কৰাক কেন্দ্ৰ কৰি শিক্ষক আৰু ৰাইজৰ মাজত সংঘাত। বিদ্যালয়ৰ গইনালৈ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষকৰ বিৰুদ্ধে খেলপথাৰৰ ভূমি বেদখল কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

এখন বৃটিছৰ দিনৰে খেলপথাৰ। নগাঁও জিলাৰ ৰূপহীহাট ভকত গাঁওস্থিত ৰূপহী মিনি ষ্টেডিয়াম। বিগত সময়ত ষ্টেডিয়ামখনৰ নামত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে লাখ লাখ টকা আবন্টন দিছে কিন্তু একাংশ দালাল ৰূপী বিষয়া ঠিকাদাৰে লুন্ঠন চলোৱাৰ ফলত আজি ষ্টেডিয়ামখনৰ জৰাজীৰ্ণ অৱস্থা। লাখ লাখ টকাৰ কেবাখনো আধাৰশিলা স্থাপন কৰা হৈছে যদিও কামৰ নমুনা দেখি সকলো আচৰিত। এতিয়া প্ৰশ্ন এটাই ক’ত গ’ল বিগত সময়ত চৰকাৰে আবন্টন দিয়া লাখ লাখ টকা। ষ্টেডিয়ামখনক লৈ বৰ্তমান আন এটা বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ষ্টেডিয়ামখনৰ কাষতে থকা ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গইনালৈ দুগৰাকী শিক্ষকে ৰাজহুৱা খেলপথাৰখন বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা চলাইছে।

ষ্টেডিয়ামৰ ভূমি বেদখল কৰক লৈ স্থানীয় ৰাইজ আৰু ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এচাম শিক্ষকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। উত্তেজিত ৰাইজে ষ্টেডিয়ামখনৰ ভূমিত শিক্ষক দুগৰাকীয়ে আৰি দিয়া ফলক ভাঙি পেলায়। শিক্ষক সকলে কৰা এনে কাণ্ডক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে বিষয়টোক কেন্দ্ৰ কৰি দুয়ো পক্ষই আইনৰ কাষ চাপে।