হোজাই

৯ ডিচেম্বৰ

নীলবাগানত ৫০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহ উদ্ধোধন৷ বুধবাৰে আনুষ্ঠানিকভাৱে ৰাজহুৱা প্ৰেক্ষাগৃহখন উদ্ধোধন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলে

বিধায়কৰ পুঁজিৰ জৰিয়তে ৫০ লাখ টকা ব্যয়সাপেক্ষে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মিত হয় এই প্ৰেক্ষাগৃহখন৷ ৰাজহুৱা প্ৰেক্ষাগৃহখনে বৃহত্তৰ নীলবাগানৰ লগতে যমুনামুখবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে বুলি মত ব্যক্ত কৰে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভুঞাই৷ প্ৰেক্ষাগৃহখন উদ্ধোধন উপলক্ষে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।

সভাত বদৰুদ্দিন আজমলৰ লগতে বিধায়ক আব্দুৰ ৰহিম আজমল, ধিঙৰ বিধায়ক আমিনুল ইছলাম, চম্পক কলিতা, হায়দৰাবাদৰ ইংলিছ হাউচৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৱাৰ জামাসহ কেবা সহস্ৰাধিক লোক উপস্থিত আছিল৷