গুৱাহাটী, সংবাদ ৩৬৫, ৩ মে’ : কভিড-১৯ কৰুণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰ চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা ঘোষণা কৰিছে লক ডাউন। লক ডাউনৰ দুটাকৈ পৰ্যায় অহা ৪ মে’ত সমাপ্ত ঘটিব যদিও দেশজুৰি ৪ মে’ৰ পৰা আৰম্ভ হ’ব লক ডাউনৰ তৃতীয় পৰ্যায়। তৃতীয় পৰ্যায়ৰ এই লক ডাউনত ৰাজ্য চৰকাৰে জনতাৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গ্ৰীণ জ’নত থকা অঞ্চল সমূহে লাভ কৰিব বহু সুবিধা কিন্তু মানি চলিব লাগিব চৰকাৰী নিৰ্দেশনা।

অহা ৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত ৰাজ্যৰ গ্ৰীণ জ’নত থকা অঞ্চল সমূহক ৰাজ্য চৰকাৰে প্ৰদান কৰা সুবিধা সমূহৰ বিশ্লেষণ দাঙি ধৰি মন্ত্ৰী হিমন্ত শৰ্মাই কয় ৪ মেৰ পৰা গ্ৰীণ জনত থকা অঞ্চল সুমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ থাকিব। কাৰ্ফিউৰ সময়ত কোনো লোকে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব, লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। গ্ৰীণ জ’নত থকা অঞ্চল সমূহত অকলশৰীয়াকৈ থকা দোকান সমূহ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খুলিব পাৰিব বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয় একেলগে থকা দোকান সমূহৰ এক তৃতীয়াংশ দোকানহে খুলিব পাৰিব। কোনখন দোকান কেতিয়া খুলিব এই সম্পৰ্কে দোকান সমিতিয়ে আলোচনাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিব, এইক্ষেত্ৰত দোকান সমিতিয়ে অসুবিধাৰ সন্মুখীন হলে জিলা উপায়ুক্তই সহায় কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। গ্ৰীণ জনৰ অঞ্চল সমূহত ৪ মে’ৰ পৰা আটো ৰিক্সা, টেক্সি সুমুহে চালকসহ দুজন যাত্ৰীলৈ চলাচল কৰিব পাৰিব। কেব সেৱা সমূহৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুচকীয়া বাহনৰ ক্ষেত্ৰত কেৱল দুচকীয়া বাহন চালকে বাহন চলাই যাব পাৰিব, অৱশ্যে মহিলাক বহুৱাই দুচকীয়া বাহন চালকে চলাচল কৰিব পাৰিব বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিবহন বিভাগৰ অনুমতি লৈ বাছ সমূহেও ৫০ শতাংশ যাত্ৰীৰে বাছ সেৱা আৰম্ভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। চৰকাৰী কার্যলায় সমূহত ৪ মে’ৰ পৰা ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব বুলি প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় ব্যক্তিগত কার্যলায় সমূহেও ৫০ শতাংশ কৰ্মচাৰীৰে ৪ মে’ৰ পৰা কাম আৰম্ভ কৰিব পাৰিব। সকলো ধৰণৰ নিৰ্মাণ কাৰ্যৰ কামো ৫০ শতাংশ কৰ্মচাৰীৰে আৰম্ভ কৰাৰ শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে কিন্তু সকলো ধৰণৰ হাট-বজাৰ পূৰ্বৰ দৰে বন্ধ ৰাখিবলৈ কৈছে। মাছৰ বজাৰো বন্ধ থাকিব যদিও পদপথ বা অকলশৰীয়াকৈ থকা মাছৰ দোকান সমুহৰ পৰা ৰাইজে মাছ ক্ৰয় কৰিব পাৰিব। চহৰ দোকান, ৰেষ্টুৰেণ্ট খোলাৰ সুবিধা প্ৰদান কৰা হৈছে যদিও ৰাইজে চহৰ দোকান, ৰেষ্টুৰেণ্ট সমূহত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব। ছবিগৃহ, শ্ব’পিং মল, চেলুন, বিউটি পাৰ্লাৰ, জিম, চুইমিং পুল সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা দিছে চৰকাৰে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে উপৰোক্ত সকলো সুবিধা কেৱল গ্ৰীণ জ’নত থকা অঞ্চল সমূহত প্ৰদান কৰিছে। ৰাজ্যত বৰ্তমান ৰেড জ’ন নাই যদিও অ’ৰেঞ্জ জ’নৰ অঞ্চল সমূহত লক ডাউনৰ নীতি নিৰ্দেশনা পূৰ্বৰ দৰে বাহাল থাকিব। চৰকাৰে ৬০ বছৰৰ ওপৰৰ ব্যক্তি আৰু ১২ বছৰৰ তলৰ লৰা-ছোৱালী সমূহক ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিছে। ৫ বছৰৰ তলৰ শিশু থকা মহিলা সকলক কৰ্মস্থলীলৈ অহাত বাধা প্ৰদান কৰিছে চৰকাৰে। সকলো লোককে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই চলাৰ নিৰ্দেশনাও প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।