ছয়গাঁও, সংবাদ ৩৬৫, ৪ মে’ : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৃদ্ধাগৃহ আৰু শিশু গৃহত বিধায়ক ৰেকিবুদ্দিন আহমেদ। নিজ সমষ্টিত থকা বৃদ্ধাগৃহ আৰু শিশু গৃহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ললে বিধায়ক গৰাকীয়ে। বৃদ্ধাগৃহ আৰু শিশু গৃহত বিভিন্ন খাদ্য সমগ্ৰীও বিতৰণ কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ সময়ত দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়তে সোমবাৰে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱৰ বামুণীগাঁওত উপস্থিত হৈ সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত বৃদ্ধাগৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহ পৰিদৰ্শন কৰে। বিধায়ক গৰাকীয়ে বৃদ্ধাগৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহৰ বুজ লোৱাৰ লগতে বৃদ্ধাগৃহ আৰু শিশু পৰ্যবেক্ষণ গৃহৰ আবাসীৰ মাজত বিভিন্ন ফল-মূল, বিস্কুট, ব্ৰেড, জুচ, গাখীৰ, খোৱা পানী ইত্যাদি যোগান ধৰাৰ লগতে কৰ’ণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদিও বিতৰণ কৰে। নিধায়ক ৰেকিবুদ্দিন আহমেদ বামুণীগাঁওস্থিত মহাত্মা গান্ধী আদৰ্শ হাস্পতালতো উপস্থিত হৈ চিকিৎসা ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে, উক্ত হাস্পতালখনত কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগী ৰখাৰ বাবে ১৯ খন বিচনাযুক্ত কোৱাৰাইন্টাইন চেন্টাৰ হিচাপে তৈয়াৰ কৰি ৰখা হৈছে। হাস্পতালত উপস্থিত হৈ হাস্পতালৰ অধীক্ষক ডা: সোণেশ্বৰ দাসৰ সহযোগত হাস্পতালখনৰ ডাক্তৰ, নাৰ্চ, লেবৰেটৰী এছিছটেণ্টকে আদি কৰি মুঠ ২৬ গৰাকী ব্যক্তিক বিভিন্ন ফল মূল, বিস্কুট, ব্ৰেড, জুচ, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে কৰণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদি বিতৰণ কৰে।

বিধায়ক গৰাকী ছয়গাঁও প্ৰেছ ক্লাৱৰ উন্নয়নৰ বাবে ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি ধীৰাজ দাস আৰু সম্পাদক ভগৱান দাসৰ হাতত দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে। ইয়াৰ পিছতে, ছয়গাঁৱৰ গোৱৰ্ধনত অৱস্থিত ছয়গাঁও প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হাস্পতাল কতৃপক্ষক বিভিন্ন ফল মূল, বিস্কুট, ব্ৰেড, জুচ, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে কৰণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদি বিতৰণ কৰে।