ফজলুৰ ৰহমান

সোণতলী

২১ জানুৱাৰী

ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে অভিযান। ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে দক্ষিণ কামৰূপৰ সোণতলীবাসী ৰাইজ৷ এইবাৰ সোণতলীবাসী ৰাইজৰ তৎপৰতাত জব্দ ১০ কাৰ্টুন নিষিদ্ধ কফ ছিৰাপ ৷

ছয়গাঁও আৰু বকো সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এচাম ড্ৰাগছ ব্যৱসায়ীয়ে দিনে-নিশাই ড্ৰাগছৰ মুকলি বেহা চলাই থকাৰ মাজতে একাংশ সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে৷ সোণতলীত একাংশ সচেতন ৰাইজে ড্ৰাগছ বিৰোধী অভিযান চলাই খেদি খেদি আটক কৰিলে ড্ৰাগছ ব্যৱসায়ীক৷ সোণতলীৰ পৰা বহৰিলৈ যোৱা পাৰঘাটৰ পৰা ৰাইজে ১০ কাৰ্টুন নিষিদ্ধ কফ ছিৰাপসহ আটক কৰে আমিনুল আলম নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক৷ ৰাইজৰ চকুত ধুলি দি বৰপেটা জিলাৰ মঁহচৰা গাঁৱৰ ড্ৰাগছ ব্যৱসায়ী আমিনুল আলমে পলাবলৈ চেষ্টা চলাইছিল যদিও ৰাইজে খেদি খেদি আটক কৰি লপা থপা দি সোণতলী আৰক্ষীক গতাই দিয়ে আমিনুল আলম নামৰ ড্ৰাগছ ব্যৱসায়ী গৰাকীক।

প্ৰাপ্ত তথ্য মতে নিষিদ্ধ কফ ছিৰাপখিনি বৰপেটাৰ পৰা যন্ত্ৰচালিত নাৱেৰে বকোৰ সোণতলী অঞ্চললৈ সৰবৰাহ কৰিবলৈ লওঁতেই সোণতলীৰ একাংশ সচেতন ৰাইজে নিষিদ্ধ কফ ছিৰাপখিনি চিনাক্ত কৰি কফ চিৰাপখিনি জব্দ কৰাৰ উপৰিও ব্যৱসায়ী আমিনুল আলমক আটক কৰি সোণতলী আৰক্ষীক চমজাই দিয়ে৷ উল্লেখ্য যে বিগত সময়ছোৱাত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন ব্যাপক হাৰত বৃদ্ধি পাইছে।