নলবাৰী

৮ নৱেম্বৰ

ঘগ্ৰাপাৰৰ খেতিপথাৰত নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ। বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ দলৰ প্ৰতিবাদ। দেশত চলি থকা কৃষক আন্দোলন তথা মঙলবাৰে ঘোষিত ভাৰত বন্ধ কাৰ্যসূচীলৈ সমৰ্থন জনাই কংগ্ৰেছ দলৰ প্ৰতিবাদী  কাৰ্যসূচী।

তীব্ৰ বিৰোধীতাৰ মাজতো সদনত কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন গৃহীত কৰাৰ প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লীত কৃষক সকলৰ নেতৃত্বত ধাৰাবাহিকভাৱে প্ৰতিবাদ চলি থকাৰ মাজতে মঙলবাৰে দেশৰ কৃষক সংগঠন সমূহে আহ্বান জনায় ভাৰত বন্ধৰ। কৃষক সকলৰ ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ব্লকটোৰ ৯ টাকৈ মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি দাহ কৰি খেতি পথাৰত খেতিয়ক সকলক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰন সম্পাদক লুটফুৰ ৰহমান, বড়িগোগ ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতাসহ কংগ্ৰেছৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।