আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

৯ ডিচেম্বৰ

হাটশিঙিমাৰীত দলং নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ। ঠিকাদাৰে নিম্নমানৰ সমগ্ৰীৰে দলং নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ। গুৱাহাটীৰ ঠিকাদাৰে লাভ কৰিছে দলং নিৰ্মাণৰ ঠিকা।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ কানাইমাৰাত দলং নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পূৰ্বৰ গঢ়কাপ্তানি বিভাগ তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগৰ ধুবুৰী সংমণ্ডলৰ অধীনত হাটশিঙিমাৰীৰ কানাইমাৰাৰ এইচ কে পথৰ পৰা কালাইৰ আলগা লৈ যোৱা ৩,২২৬ কিঃমিঃ দৈৰ্ঘ্যৰ চি চি ব্লকেৰে পকী পথ সহ ১×২১,৭৫ মিঃ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণৰ বাবদ চৰকাৰে আবন্টন দিয়ে ৩০১,৩৩ লাখ টকা। দলং নিৰ্মাণৰ ঠিকা লাভ কৰে গুৱাহাটীস্থিত এম, পি আগৰৱালা নামৰ এগৰাকী ঠিকাদাৰে কিন্তু ঠিকাদাৰৰ মইমতালিত নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণৰ কাম কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

আনহাতে দলং নিৰ্মাণৰ কামৰ অনিয়মৰ অভিযোগ তুলি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।