আব্দুল হক

নগৰবেৰা 

৫ আগষ্ট

নিচাজাতীয় সামগ্ৰী আৰু মুকলি জুৱাৰ আড্ডাৰ ঘাটিত পৰিণত হৈছে এটা বিশেষ অঞ্চল।আৰক্ষীৰ নাকৰ তলতে অঞ্চলটোত উভৈনদী নিচাজাতীয় সমগ্ৰীৰ। দেশী-বিদেশী সুৰাৰো মুক্তভাৱে ৰমৰমীয়া বেহা চলে অঞ্চলটোত। ৰাইজৰ অভিযোগ আৰক্ষীৰ সৈতে মিতিৰালি আছে নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগত জড়িত চক্ৰৰ।

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুপামাৰী অঞ্চল ক্ৰমাৎ পৰিণত হৈছে নিচানগৰী আৰু জুৱাৰ আড্ডাস্থলী। অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই এটা দুষ্ট চক্ৰই নিচাজাতীয় সমগ্রী আৰু জুৱাৰ ৰমৰমীয়া বেহা চলাই আহিছে যদিও বিগত কিছু বছৰ ধৰি অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাজাতীয় সমগ্রীৰ বিক্ৰী আৰু সেৱনৰ লগতে জুৱাৰ আড্ডা। টুপামাৰীত এতিয়া সম্পূৰ্ণ মুক্তভাৱে চলিবলৈ ধৰিছে অসামাজিক কাৰ্যকলাপ, যেন অবৈধ সামগ্ৰীৰ বেহা আৰু অসামাজিক কাৰ্যৰ স্বৰ্গভূমিলৈ পৰিণত হৈছে টুপামাৰী। এই অবৈধ সামগ্ৰীৰ বেহা আৰু অসামাজিক কাৰ্যৰ স্বৰ্গভূমিৰ প্ৰাণকেন্দ্ৰ হৈছে আকৌ টুপামাৰী আৰক্ষী চকীৰ গাতে লাগি থকা টুপামাৰী বজাৰখন। মদ, ভাং, ড্ৰাগছৰ মুক্ত কিনা-বেচাৰ লগতে বজাৰখনৰ চুকে কোনে সকলো সময়তে চলি থাকে জুৱাৰ আড্ডা। এই সকলোবোৰ অসামাজিক কাৰ্যকলাপ চলে টুপামাৰী আৰক্ষী সন্মুখত। সকলো দেখিও চকুমুদা কুলিৰ ভাও ধৰি থাকে টুপামাৰী আৰক্ষী চকীৰ খাকী পোচাকধাৰী। দিনৰ ভাগতে অঞ্চলটোত মুক্তভাৱে চলা নিচাজাতীয় সমগ্ৰীৰ বেহা ৰাতিৰ আন্ধাৰত অধিক ভয়াবহ হৈ উঠে। কুখ্যাত নিচাজাতীয় সমগ্ৰীৰ ব্যৱসায়ী, জুৱাৰী আৰু মদৰ ৰাগীত মাতাল লোকৰ দপদপনিত ঘৰৰ বাহিৰত সাধাৰণ ৰাইজ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় টুপামাৰীত।

স্থানীয় ৰাইজৰ সন্দেহ টুপামাৰীৰ একাংশ আৰক্ষীৰ বিষয়া আৰু কনিষ্টবলৰে নিচাজাতীয় সমগ্ৰীৰ বেহাৰ লগত জড়িত চক্ৰটোৰ সৈতে আছে গোপন মিতিৰালি। আৰক্ষীৰ হাত মূৰৰ ওপৰত থকাৰ বাবেই উঠি ৰজা-বহি ৰজা হৈ সমাজ বিৰোধী চক্ৰটোৱে সাধাৰণ মানুহক ভয় ভাবুকি কিম্বা আক্ৰমণ কৰিবলৈও নকৰে কুণ্ঠাবোধ। আনহাতে টুপামাৰীত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে নিচা আসক্ত লোকৰ সংখ্যাও। বিভিন্ন স্কুল কলেজীয়া ছাত্ৰৰ পৰা অঞ্চলটোৰ নৱ প্ৰজন্ম আজি নিচাসক্ত আৰু জুৱাভক্ত। পৰিনতিত সম্পূৰ্ণ বিনষ্ট হৈ পৰিছে টুপামাৰী অঞ্চলৰ সামাজিক পৰিৱেশ।