বৰপেটা

১৭ ডিচেম্বৰ

আধাৰ প্ৰস্তুতৰ নামত বৰপেটাত সংঘটিত হৈছে ব্যাপক অনিয়ম৷ ঘৰৰ পৰাই আধাৰ কাৰ্ড প্ৰস্তুত কৰা পাঁচ যুৱক আৰক্ষীৰ জালত। আৰক্ষীৰ অভিযানত আধাৰ কাৰ্ড বনোৱা লেপটপ, প্ৰিন্টাৰ, স্কেনাৰসহ বহু সামগ্ৰী জব্দ।

বৰপেটা জিলাৰ ধানবন্ধা গাঁওত আৰক্ষীয়ে অভিযান চলাই ধনৰ বিনিময়ত ঘৰৰ পৰাই আধাৰ কাৰ্ড প্ৰস্তুত এটা এটা চক্ৰক উৎখাত কৰে। ধানবন্ধা গাঁৱৰ আইনাল হক নামৰ এজন যুৱকে ঘৰৰ পৰাই চলাই আছিল আধাৰ কাৰ্ডৰ প্ৰস্তুতৰ। বুধবাৰে নিশা বৰপেটা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অবৈধ ভাৱে আধাৰ কাৰ্ডৰ কাম কৰি থকা অৱস্থাত আটক কৰে পাঁচ জনকৈ যুৱকক। আটকাধীন যুৱক কেইজন ক্ৰমে মোজামিল খান, নাছিৰ উদ্দিন, ছাহজাহা আলী, আইনাল হক আৰু চাইদুল ইছলাম৷ আনহাতে অভিযানৰ সময়ত বাবুল নামৰ আন এজন যুৱক পলাই সাৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অভিযানত আধাৰ কাৰ্ড প্ৰস্তুতৰ কামত ব্যৱহাৰ হোৱা এটা লেপটপ, প্ৰিন্টাৰ, স্কেনাৰসহ নগদ ১৩ হাজাৰ টকা জব্দ কৰে।

উল্লেখ্য যে আধাৰ কাৰ্ডৰ কাম কৰিব লাগে পঞ্চায়ত কাৰ্যালয়ত কিন্ত ধৃত যুৱক কেইজনে ধনৰ বিনিময়ত নিশা ১১.৪৫ বজালৈ আধাৰ কাৰ্ডৰ কাম কৰি আছিল আইনাল হকৰ ঘৰত৷ ধৃত যুৱক কেইজনক বৃহস্পতিবাৰে আদলতত হাজিৰ কৰোৱাৰ পিছত জেললৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷