মুস্তক আহমেদ

জুৰীয়া 

১৭ ডিচেম্বৰ

জুৰীয়াত চোৰাং ডিজেলসহ গাড়ী জব্দ। নগাঁও জিলাৰ বিভিন্ন অঞ্চলত চলিছে চোৰাং ডিজেলৰ ৰমৰমীয়া ব্যৱসায়। চোৰাং ডিজেলৰ ৰমৰমীয়া বেহাৰ লগত জড়িত তিনিজন লোক আটক।

নগাঁও জিলাৰ জুৰীয়াত চোৰাং ডিজেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বুধবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চোৰাং ডিজেলসহ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ থেকেৰাগুৰীৰ পৰা জুৰীয়া অভিমুখে আহি থকা এ এছ-০২-বি চি-৭৬১২ নম্বৰৰ এখন ডি আই গাড়ীত তালাচি চলাই আৰক্ষীয়ে চোৰাং ডিজেলসহ গাড়ীখন জব্দ কৰে।

জুৰীয়াৰ শিঙাৰীত আৰক্ষীয়ে তালাচী চলাই ২৬ শ লিটাৰ ডিজেল আৰু গাড়ীখনৰ লগতে তিনিজন লোকক আটক কৰে।ধৃত লোক কেইজন ক্ৰমে মুকলিজুচ ৰহমান, হবিবুৰ ৰহমান আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।