নৱজ্যোতি বৰুৱা
চামগুৰি
২১ ডিচেম্বৰ

ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং সৰবৰাহ। চমগুৰিত জব্দ চোৰাং পশুধন ভৰ্তি তিনিখনলৈ ট্ৰাক। পশুধন ভৰ্তি ট্ৰাক এৰি পলায়ন ট্ৰাকৰ হেণ্ডিমনে আৰু চালকৰ।

ৰাজ্যত ক্ৰমাৎ ব্যাপক হাৰত বৃদ্ধি পাইছে চোৰাং পশুধনৰ সৰবৰাহ। বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাং পশুধন নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচ জিলাৰ মাজেৰে সৰবৰাহ কৰা হয় বাংলাদেশলৈ। ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচ জিলাৰ নদী পথ সমূহত আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ চোৰাং পশুধন জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে বিগত কিছুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে কেইবাখনো চোৰাং পশুধন ভৰ্তি ট্ৰাক।

দেওবাৰে নিশাও এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চমগুৰি আৰক্ষীয়ে জব্দ কৰে তিনিখনকৈ চোৰাং পশুধন ভৰ্তি ট্ৰাক। উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত গোপন সুত্ৰৰ খবৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে থানাৰ সন্মুখত বেৰিকেড লগাই পশুধন ভৰ্তি ট্ৰাক কেইখন জব্দ কৰে। ইফালে আৰক্ষীৰ অভিযানৰ বিষয়ে উমান পাই চামগুৰিৰ আমনিত এএছ-০১-এলচি-১৮১৬, এ এছ-০৭-এচি-৮০৫৯ আৰু এএছ-০১-এলচি-৩৩৪৬ নম্বৰৰ ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডিমেনে ট্ৰাক কেইখন এৰি পলায়ন কৰে। পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আমনিৰ পৰা পশুধন ভৰ্তি ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, তিনিখনকৈ ট্ৰাকত প্ৰায় অৰ্ধ-শতাধিক গৰু-ম’হ চোৰাং পশুধন সৰবৰাহকাৰী চক্ৰটোৱে অবৈধভাৱে কোনো অজ্ঞতা স্থানলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে। ইয়াৰ পূৰ্বেও নগাঁও আৰক্ষীয়ে চোৰাং পশুধন ভৰ্তি কেইবাখনো ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল।