ৰূপহীহাট
২০ ডিচেম্বৰ

বন বিভাগৰ আশীৰ্বাদত লাওঁখোৱ বুঢ়াচাপৰি অভয়াৰণ্যত মাছমৰীয়াৰ দপদপনি। বন বিভাগৰ চকুৰ সন্মুখতে অভয়াৰণ্যখনত থকা জলাশয় সমূহত চলিছে মাছৰ নিধন। সাংবাদিকৰ কেমেৰাত বন্দী হয় মাছ নিধনৰ দৃশ্য কিন্ত চকুত নপৰে বন বিভাগৰ।

নগাঁও জিলাৰ লাওঁখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। এসময়ত লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যখন আছিল এশিঙীয়া গঁড়ৰ বিচৰণস্থলী। কালক্ৰমত বন বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত চোৰাং চিকাৰীয়ে গঁড়মুক্ত কৰি পেলালে লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যখন। এতিয়া চোৰাং মাছমৰীয়াৰ দৃষ্ঠি অভয়াৰণ্যখনৰ জলাশয় সমূহত থকা মাছৰ ওপৰত, আৰু বন বিভাগ এতিয়াও নিদ্ৰাত মগ্ন।

শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ আশ্ৰয়স্থলত পৰিণত হয় ৰাজ্য থকা জলাশয় সমূহ। এই চৰাই সমূহৰ বাবে আছে অসমৰ জলাশয় সমূহত প্ৰচুৰ পৰিমাণৰ খাদ্য ভাণ্ডাৰ। ৰাজ্যৰ অন্যান্য জলাশয় সমূহৰ লগতে নগাঁও জিলাৰ লাওঁখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত থকা জলাশয় সমূহত থকা প্ৰচুৰ পৰিমাণৰ খাদ্যৰ বাবে ইয়ালৈ প্ৰতিবছৰে আহে বিভিন্ন প্ৰজাতিৰ অগণন পৰিভ্ৰমী চৰাই।

বন বিভাগৰ গাফিলতিৰ ফলত এতিয়া এই চৰাই সমূহৰ খাদ্যৰ ওপৰত পাইছে একাংশ মাছ বেপাৰীৰ চকু। লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত এতিয়া দপদপনি একাংশ চোৰাং মাছমৰীয়াৰ। অভয়াৰণ্যখনত চোৰাং মাছমৰীয়াৰ দপদপনিৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত। সাংবাদিকৰ কেমেৰা দেখি একাংশ মাছ মৰীয়াৰ পলায়নৰ পৰিবৰ্তে একাংশই আকৌ কেমেৰাৰ চকুৰ পৰা নিজকে ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা।

এনেদৰে অভয়াৰণ্যখনৰ ভিতৰচৰাত চোৰাং মাছমৰীয়া সোমাই নিতৌ চোৰাং মাছৰ বেহা চলাই আহিছে। লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ কঠালগুটি বনশিবিৰ এলেকাত সাংবাদিকৰ কেমেৰাত বন্দী হয় চোৰাং মাছ চিকাৰৰ সমগ্ৰ দৃশ্য। বনকৰ্মী দলে তহল দি থকাৰ পিছতো মাত্ৰ কঠালগুটি বনশিবিৰৰ পৰা ১০০ মিটাৰ নিলগতে কিদৰে চোৰাং মাছমৰীয়াই নিতৌ মাছ ধৰি আহিছে সেয়া ৰহস্যৰ আৱৰ্তত।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোটা অংকৰ বিনিময়ত চলিছে নেকি অভয়াৰণ্যখনৰ ভিতৰত চোৰাং মাছৰ বেহা। উল্লেখ্য যে লাওঁখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী সংৰক্ষিত এলেকাত মানুহৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ যদিও বন বিভাগৰ একাংশ বিষয়া আৰু বনকৰ্মীক মোটা অংকৰ ধনৰ বিনিময়ত অভয়াৰণ্যখনৰ জলাশয় সমূহত অবাধে চোৰাং মাছমৰীয়াই অব্যাহত ৰাখিছে নেকি দপদপনি ?