গুৱাহাটী
২১ ডিচেম্বৰ

সন্ত্ৰাসবাদমুক্ত অসমৰ দিশত এখোজ আৰু আগুৱালে ৰাজ্য।ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি আস্থা তথা বিশ্বাস প্ৰকাশ কৰি আৰু হিংসাৰ পথ পৰিহাৰ কৰি সোমবাৰে মূলসুঁতিলৈ উভতি আহিল আলফা (স্বাধীন), পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ মুঠ ৬৩ গৰাকী সদস্যই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অস্ত্ৰ সম্বৰণ কৰিলে আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্ঠি ৰাজখোৱাৰ লগতে বিভিন্ন সংগঠনৰ ৬৩ গৰাকী সদস্যই।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত অস্ত্ৰ সম্বৰণ আৰু মূলসুঁতিলৈ প্ৰত্যাবৰ্তন অনুষ্ঠানত আলফা (স্বাধীন), পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ মুঠ ৬৩ গৰাকী সদস্যই অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহে। কিছুদিন পুর্বে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্ঠি ৰাজখোৱাই পত্নীসহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অস্ত্ৰ অৰ্পণ কৰি মূলসুঁতিলৈ প্ৰত্যাবৰ্তন কৰে। আলফা (স্বাধীন)ৰ উপমুখ্য সেনাধ্যক্ষ গৰাকীৰ লগতে আলফা (স্বাধীন)ৰ ১৮ গৰাকী সদস্যই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে অস্ত্ৰ।

অস্ত্ৰ ত্যাগ কৰা আলফা (স্বাধীন), পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ ৬৩ গৰাকী সদস্যক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূলসুঁতিলৈ আদৰণি জনায়। মূলসুঁতিলৈ উভতি আহে উক্ত সংগঠন কেইটাৰ সদস্য সকলক মুখ্যমন্ত্ৰীয়ে সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হ’বলৈ আহ্বান জনায়।