আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: সমাগত পৰিষদীয় নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ পৰিষদীয় সমষ্টি সমুহত ৰাজনৈতিক দল , পৰিষদ সমুহক দেখা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা । অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে পৰিষদৰ অন্তৰ্গত ৩৬ নং ৰাণী (মুক্ত) সাধাৰন পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে । ৩৬ নং ৰাণী সাধাৰন পৰিষদীয় সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সঞ্জয় কুমাৰ ৰাভাৰ হৈ সমিতিয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি তথা যৌথ সংগ্ৰাম সমিতিৰ মুখ্য সম্নয়ক ৰমেন সিং ৰাভা , স্থানীয় বিজেপি নেত্ৰীদ্বয় লতিকা কলিতা , মইনা বড়োয়ে । প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থকা এই সভাত ৰমেন সিং ৰাভাই পুনৰ বাৰ ‘সম বিকাশ , সম উন্নয়ন , সম অধিকাৰ শ্লো গানেৰে ৰাইজক একত্ৰিত হৈ নিৰ্বাচনত টেলিভিছনৰ ছবিত ৩৬ নং সমষ্টিৰ সঞ্জয় কুমাৰ ৰাভাক ভোট দি জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায় ।