কলগাছিয়া

২ ডিচেম্বৰ

বৰপেটা চাইল্ড লাইনৰ তৎপৰতাত কলগাছিয়াত পিতৃগৃহৰ পৰা পুনৰ উদ্ধাৰ ১৭ বছৰীয়া বিবাহিত কিশোৰী। ৪ মাহ পূৰ্বে এগৰাকী বিবাহিত পুৰুষৰ সৈতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বিয়া দিছিল কিশোৰী গৰাকীৰ।

বাল্যবিবাহ এক সামাজিক ব্যাধি। বাল্যবিবাহ সামাজিক ব্যাধি হোৱা স্বত্তেও ৰাজ্যত অব্যাহত আছে বাল্যবিবাহ৷ চৰকাৰে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰখাৰ সময়তে বৰপেটা জিলাৰ পৰা এগৰাকী কিশোৰীক চাইল্ড লাইন আৰু কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৪ মাহ পূৰ্বে বৰপেটা জিলাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীক পৰিয়ালৰ লোকে বৰপেটাৰ কদমগুৰিৰ এগৰাকী বিবাহিত পুৰুষৰ লগত বিয়া দিয়ে। পিছত বৰপেটা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি পিতৃগৃহক গতাই দিয়ে। পিতৃয়ে কিশোৰী গৰাকীক লিখা-পঢ়া কৰোৱাৰ লগতে ভালকৈ ৰাখিব বুলি বৰপেটা চাইল্ড লাইনক প্ৰতিশ্ৰুতি দিছিল কিন্তু কিশোৰী গৰাকীৰ পিতৃয়ে কিশোৰী গৰাকীক স্কুলত নাম লগাই দিয়াৰ পৰিৱৰ্তে পুনৰ স্বামীগৃহলৈ পঠাই দিয়ে। বৰপেটা চাইল্ড লাইনে এই খবৰ লাভ কৰাৰ পিছত কলগাছিয়া আৰক্ষীৰ সহযোগত কিশোৰী গৰাকীৰ পিতৃগৃহত উপস্থিত হৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰি পাঠশালাৰ শিশু সুৰক্ষা গৃহত লৈ যায়।

এই ক্ষেত্ৰত বৰপেটা চাইল্ড লাইনে কিশোৰী গৰাকীৰ পিতৃ-মাতৃ তথা স্বামীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহত বিভিন্ন সময়ত বাল্যবিবাহৰ দৰে ঘটনা সংঘটিত হৈ থকা খবৰ প্ৰায়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পৰিলক্ষিত হয়।