মুস্তাক আহমেদ

জুৰীয়া

২ ডিচেম্বৰ

শীতৰ আগমনৰ লগে লগে সক্ৰিয় হৈ পাইছে একাংশ চোৰাং চিকাৰী। চৰাই নিধনত নামিছে নগাঁও জিলাৰ একাংশ চোৰাং চিকাৰী। বন বিভাগেও চোৰাং চিকাৰী বিৰোধী অভিযান আৰম্ভ কৰিছে। লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগে উদ্ধাৰ কৰিলে ১১ টাকৈ কাম চৰাই।

শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ জলাশয় সমূহত আশ্ৰয় ল’বলৈ উপস্থিত হয় দেশ বিদেশৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্রমী চৰাই। শীতৰ এই সময়তে এই বিদেশী আলহীৰ নিধনত নামি পৰে একাংশ দুষ্ট চক্ৰ। মাংসৰ বাবে চোৰাং চিকাৰীয়ে হত্যা কৰে এই পৰিভ্ৰমী চৰাই সমূহক। মঙলবাৰে নিশা নগাঁও জিলাৰ জুৰীয়াৰ ধিংবৰিপথাৰ গাঁৱত বন বিভাগে চৰাই চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই ১১ টাকৈ কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত সুতিৰপাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰীয়াৰ ধিংবৰিপথাৰ গাঁৱত চৰাই চিকাৰীৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত বন বিভাগে ১১ টাকৈ কাম চৰাই উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে চৰাই চিকাৰীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ প্লেয়াৰ আৰু চাৰিখনকৈ নাওঁ।

সুতিৰপাৰ খণ্ড বন বিষয়া এ কে নৌশ্বাদৰ নেতৃত্বত চলা অভিযানত বন বিভাগে কাম চৰাই উদ্ধাৰ কৰাৰ লগতে চৰাই চিকাৰৰ বাবে ব্যৱহাৰ কৰা বহু সমগ্রী জব্দ কৰে যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চিকাৰীৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্যযোগ্য যে শীতৰ আগমনৰ লগে লগে বিভিন্ন পৰিভ্ৰমী চৰাই লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ খাল, বিল আৰু জলাশয় সমূহত আশ্ৰয় গ্ৰহণ কৰে। পৰিভ্রনী চৰাইৰ আগমনৰ এই সময়তে এই চৰাই সমূহৰ নিধনৰ বাবে সক্ৰিয় হৈ পৰে একাংশ চিকাৰী।