মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২ ডিচেম্বৰ

বিপিএফ দলৰ প্ৰাৰ্থী ৰহিন্দ্ৰ ব্ৰক্ষই দহ বছৰ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মমিনুৰ ইছলামে পাঁচ বছৰ ২নং গুমা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিলে যদিও গুমা সমষ্টিৰ একো উন্নয়ন মূলক কাম কৰিব নোৱাৰিলে৷ গুমা সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰাৰ যোগ্য প্ৰত্যুত্তৰ দিব বেলটৰ জৰিয়তে৷ ২ নং গুমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ছামাদ চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ আৰু কংগ্ৰেছক তুলাধুনা দিয়ে।

বুধবাৰে কাউৰাৰঝাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্দলীয় প্ৰাৰ্থী চৌধুৰীয়ে কয় যে গুমা সমষ্টিৰ ৰাইজৰ পৰা মই যথেষ্ট সঁহাৰি পাইছো লগতে গুমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মনোৱাৰ আলীয়ে মোৰ লগত আহি মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ আমি দুটা শক্তি একএিত হোৱাৰ লগে লগে গুমা সমষ্টিৰ পৰা মোৰ জয় নিশ্চিত হৈ পৰিছে৷ গুমা সমষ্টিৰ ৰাইজৰ পূৰ্ণ সমৰ্থন লাভ কৰিছো সেয়া মোৰ নিৰ্বাচনী সভা সমুহত ৰাইজৰ সমাগমে প্ৰমাণ কৰিছে৷ যুৱ নেতা কাবিল উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত গুমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা মনোৱাৰ আলীয়ে নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সলনি ছামাদ চৌধুৰীৰ সৈতে একত্ৰিত হৈ ছামাদ চৌধুৰীক বিপুল ভোটত বিজয়ী কৰোৱাৰ স্বাৰ্থত নিৰ্বাচনী প্ৰচাৰ চলাই আছে৷ মনোৱাৰ আলীয়ে ৰাইজক উদ্দেশ্যি কয় যে বিটিআৰ চুক্তি অৱড়ো ৰাইজৰ বাবে এক ভয়ংকৰ চুক্তি৷

বিপিএফৰ ১০ বছৰীয়া শাসন কালত আৰু কংগ্ৰেছৰ ৫ বছৰীয়া শাসন কালত আমি গুমা সমষ্টিৰ ৰাইজে কি পালো সেই কথা এবাৰ ভাবক৷ সেয়ে গুমা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত যুৱ নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী ছামাদ চৌধুৰীক ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায়৷ উল্লেখনীয় বিযয় যে নিৰ্বাচনী সভাত মহিলাৰ উপস্থিত আছিিল লক্ষ্যণীয় ৷