নৱজ্যোতি বৰুৱে

২৭ নৱেম্বৰ

চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতী। কৃষকে ধান চপোৱাৰ পূৰ্বে পকা ধানৰ ওপৰত পৰিছে বনৰীয়া হাতীৰ দৃষ্টি। বিঘাই বিঘাই পথাৰৰ ধান খাই বনৰীয়া হাতীয়ে চলাই আছে তাণ্ডৱ। বনৰীয়া হাতীৰ উপদ্ৰৱত কেঁচাতে ধান কাটিবলৈ বাধ্য কৃষক। বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভিত গঞা ৰাইজ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতে দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱত চলাই থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰিত বনৰীয়া হাতীৰ তাণ্ডৱে নিন্দ্ৰ হৰণ কৰিছে কৃষক সকলৰ। চামগুৰিৰ কেকুৰাচুকত বনৰীয়া হাতীয়ে এফালৰ পৰা পথাৰৰ পকা ধান খাই তহিলং কৰিছে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা কেকুৰাচুকৰ দৰিদ্ৰ কৃষক সকলে বছৰৰ ধান মুঠি চপাবৰ বাবে মৰণ পণ চেষ্টা চলাইছে। কেকুৰাচুকৰ সমান্তৰালে চামগুৰিৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি দিনে নিশাই তিনি চাৰিজনীয়া বনৰীয়া হাতীৰ জাকে মুক্ত বিচৰণ কৰি বিঘাই বিঘাই পকীবলৈ ধৰা ধান খায় তহিলং কৰিছে। চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতীৰ জাকটোৱে সঘনাই অহা-যোৱা কৰি থকাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম আতংকতৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলবাসী। বনৰীয়া হাতীৰ জাকটোৰ অবাধ বিচৰণৰ ফলত বিনষ্ট হৈ পৰিছে পকীবলৈ লোৱা বৃহৎ বৃহৎ ধাননি পথাৰ। বনৰীয়া হাতীৰ উপদ্ৰৱত বহু কৃষকে কেঁচাতে কাতিব লগা হৈছে ধান।

ইফালে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা চামগুৰিৰ শালনা খণ্ড বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি ৰাইজ। শালনা বন বিভাগৰ অধীনৰ বন কৰ্মী হাতী খেদিবলৈ আহে যদিও হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰে বন বিভাগৰ কৰ্মীয়ে। দীৰ্ঘদিন ধৰি চামগুৰিৰ বিভিন্ন অঞ্চল চলি থকা বনৰীয়া হাতীৰ উপদ্ৰপ কিদৰে ৰোধ কৰিব বিয়াগোম বনবিভাগে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব।