আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৭ নৱেম্বৰ

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে বিশ্বনাথৰ স্নেহাংকৰ চক্ৰৱৰ্তীৰ অভিনৱ প্ৰয়াস। চাইকেলেৰে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰ হৈ আহি দক্ষিণ পাৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী। ঐতিহাসিক শিৱসাগৰৰ শিৱদলত সেৱা জনাই মধ্য অসম অভিমুখে যাত্ৰা স্নেহাংকৰ চক্ৰৱৰ্তীৰ। শিৱসাগৰৰ শিৱদৌলৰ পদূলিত অজস্ৰ জনে জনালে আদৰণী ৷ শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ সৌজন্যত দল সংগঠনৰ উস্ম আদৰণী৷ শিৱসাগৰ জিলাৰ দুই অধক্ষ্যসহ প্ৰাক্তন পৌৰপতিয়ে ফ্লেগ জোকাৰি অভিবাদন জনায় স্নেহাংকৰ চক্ৰৱৰ্তীক। শিৱদলৰ পদূলীৰ পৰাই সামৰণি যাত্ৰা স্নেহাংকৰ চক্ৰৱৰ্তীৰ।

সাংবাদিকৰ সুৰক্ষাৰ দাবীত বিগত ১৭ নৱেম্বৰৰ পৰাই চাইকেল যাত্ৰা আৰম্ভ কৰা স্নেহাংকৰ চক্ৰৱৰ্তীৰ এই যাত্ৰা
অহা ১ ডিচেম্বৰত ১০০০ কিলোমিটাৰ সামৰি বিশ্বনাথ জিলাত অন্ত পেলাব। শিৱদলৰ পদূলীৰ পৰাই শিৱসাগৰ এন আই বি চাইকেলিং গ্ৰুপৰ আৰচাৰ বৰাৰ নেতৃত্বত ৰাজিন ফাৰহান খান, পবাল পাংগিং, উদ্দীপ্ত বৰা, প্ৰবীন শৰ্মা, কানিংচন সিং, অভয়ান সন্দিক, ভাস্কৰ বৰুৱা, বলেন শইকীয়া, হানান আলিয়ে স্নেহাংকৰ চক্ৰৱৰ্তীক জয়সাগৰলৈকে সংগ দিয়াৰ লগতে শিৱসাগৰ জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকা আৰু সংঘৰ দিলিস্থান খান আৰু শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই প্ৰদান কৰা দুজনীয়া যানবাহান শাখাৰ আৰক্ষীয়ে স্নেহাংকৰ চক্ৰৱৰ্তীক যোৰহাট জিলাত প্ৰৱেশ কৰাই উভতি আহে শিৱসাগৰলৈ। অসমৰ সংবাদকৰ্মী সকলৰ জীৱন আৰু অৰ্থনৈতিক সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত স্নেহাংকৰ চক্ৰৱৰ্তীয়ে এই যাত্ৰা আৰম্ভ কৰিছে। স্নেহাংকৰ চক্ৰৱৰ্তীৰ এগৰাকী সাংবাদিক হোৱাৰ লগতে এগৰাকী প্ৰতিস্থিত কবিও৷ ৰাজ্যৰ সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদেশ্যে এই চাইকেল যাত্ৰাৰ বাবে ওলাই অহা বুলি জানিবলৈ দিয়ে স্নেহাংকৰ চক্ৰৱৰ্তীয়ে। সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীও জনায় স্নেহাংকৰ চক্ৰৱৰ্তীয়ে।

শিৱসাগৰ জিলাৰ বাৰ্তাজীৱী সংঘৰ আদৰণী অনুষ্ঠানত সংঘৰ উপদেষ্টা, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ সৌমাৰজ্যোতি মহন্ত, ক্লাৱৰ উপ সভাপতি তথা গড়গাঁও কলেজৰ অধক্ষ্য ডঃ সব্যসাচী মহন্ত, প্ৰাক্তন পৌৰপতি ৰাণাখান, জিলাখনৰ জেষ্ঠ সাংবাদিকৰ লগতে বহু লোক উপস্থিত থাকে।