গুৱাহাটী

২৬ নৱেম্বৰ

নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। পঞ্চভূতত বিলীন হ’ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰদেহ। কলাক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ লোকৰ শ্ৰদ্ধাঞ্জলি।

বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্নন কৰা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। বিয়লি প্ৰায় ২.৩০ বজাত নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ।গগৈৰ নশ্বৰদেহ। বিয়লি প্ৰায় ২.৩০ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানলৈ অনাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ফণী ভূষণ চৌধুৰী, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, অন্যান্য ৰাজনৈতিক দল সমূহৰ বিধায়ক, সাংসদ আৰু প্ৰশাসনৰ কেইবাগৰাকী বিষয়া-আমোলাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰদেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুখাগ্নি কৰি শেষকৃত্যত কৰে পুত্ৰ গৌৰৱ গগৈয়ে। বৃহস্পতিবাৰে পুৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নশ্বৰদেহ কলাক্ষেত্ৰৰ পৰা নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে নিয়া হয় প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ চৰকাৰী বাসভৱন, ৰুক্মিণীগাঁৱৰ কেথলিক গীৰ্জা, জুৰোডৰ শংকৰদেৱ কৃষ্টি সংঘ নামঘৰ, আমবাৰীৰ বুঢ়া জাম্মে মছজিদ, শুক্লেশ্বৰ মন্দিৰ আৰু উগ্ৰতাৰা দেৱালয় লৈ। জনতাৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নশ্বৰদেহৰ কলাক্ষেত্ৰৰ পৰা নৱগ্ৰহ শ্মশানৰ এই শেষ যাত্ৰাত হাজাৰ হাজাৰ জনতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে তিনিমাহ পূৰ্বে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল। যোৱা শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱশেষত সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।