আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শি

ৱসাগৰ

১৫ ডিচেম্বৰ

শিৱসাগৰত সহস্ৰাধিকৰ লোকৰ বিজেপিত যোগদান। জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজনৈতিক দলৰ বহু লোক যোগদান কৰে বিজেপি দলত। যোগদান অনুষ্ঠানত কৃষক আন্দোলন ৰাজনৈতিক চক্ৰান্ত বুলি মন্তব্য কৰে প্ৰফুল্ল বড়াই। দ্বিতীয়বাৰৰ বাবে দিছপুৰত অধিষ্ঠিত হ’ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বুলি দাবী ফণীন্দ্ৰ নাথ শৰ্মাৰ।

শিৱসাগৰৰ যুৱদলত মঙলবাৰে অনুষ্ঠিত হোৱা বিজেপি দলৰ যোগদান সভাত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ সহস্ৰাধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উদ্যোগত শিৱসাগৰ যুৱদলত কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সংগ্ৰামী মঞ্চ, আটাছু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, ঐক্য সেনা অসমৰ লগতে কংগ্ৰেছ, অগপ আৰু চিপিআই দলৰ সহস্ৰাধিক সদস্যই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

যোগদান সভাত অংশগ্ৰহন কৰি বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই কয় যে, অহা বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০ প্লাচ আসন দখল কৰি দিছপুৰত চৰকাৰ গঠন কৰিব। উন্নয়ন আৰু প্ৰগতিৰ বাবেই ৰাজ্যৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে বিজেপি দলক দিছপুৰত অধিষ্ঠিত কৰিব বুলি দাবী কৰি শৰ্মাই দলৰ সকলো বিষয়ববীয়া আৰু নেতা-কৰ্মীক একো একোজন কাৰ্যকৰ্তা হিচাপে দলৰ কাম কৰি যাবলৈ আহ্বান জনায়। ফণীন্দ্ৰ নাথ শৰ্মাই লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰে শাসনত অহাৰ পাছতে কৃষকসকলৰ আয় দুগুণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল। কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে তাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ কৃষি আইনৰ ব্যৱস্থা কৰিছে। কৃষি আইনৰ বাবে দালাল আৰু মধ্যভোগীৰ কমিছন নাইকিয়া হৈ পৰিব আৰু কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব।

কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বড়াই আদৰণি ভাষণ প্ৰদান কৰি যোগদান কৰা ব্যক্তিসকলক দললৈ আদৰণি জনায়। জিলা সমিতিৰ তৰফৰ পৰা শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা যোগদান সভাত অংশগ্ৰহন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ অসমৰ সৰ্বস্তৰৰ লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নৰ যাত্ৰাত প্ৰতিগৰাকী ব্যক্তিক অংশীদাৰ হ’বলৈ সাংসদ গগৈয়ে আহ্বান জনায়। সাংসদ গগৈয়ে ৰাজ্যৰ বিজেপি চৰকাৰৰ চাৰে চাৰিবছৰীয়া উন্নয়নমূলক কামসমূহৰ খতিয়ান আৰু উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰি আগন্তুক নিৰ্বাচনৰ বাবে সকলো কাৰ্যকৰ্তাক দুগুণ উৎসাহেৰে দলীয় কাম-কাজ চলাই নিবলৈ আহ্বান জনায়।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৰ্তমান বিজেপিৰ লগত প্ৰত্যাহ্বান জনাব পৰা কোনো দল নাই বুলি উল্লেখ কৰি উন্নয়ন আৰু বিকাশৰ বাবেই দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে। কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বড়াই কৃষক আন্দোলনক ৰাজনৈতিক চক্ৰান্ত আখ্যা দিয়ে।  মধ্যভোগী দালালৰ লগতে কংগ্ৰেছ আৰু চিপিআইৰ উদ্যোগত একাংশ কৃষকক বিপথে পৰিচালিত কৰি কৃষক আইনৰ বিৰুদ্ধে আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰা বুলি মন্তব্য কৰি বড়াই নতুন কৃষক আইনে কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব বুলি উল্লেখ কৰে। ৰাজ্যিক মন্ত্ৰী যোগেন মহনে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস নিতীৰে বিজেপি দলে আৰম্ভ কৰা পৰিবৰ্তন আৰু উন্নয়নৰ যাত্ৰাত সকলোকে সহযাত্ৰী হ’বলৈ আহ্বান জনায়।

বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিক ইন্দ্ৰানী ফুকন তহবিলদাৰ আৰু সম্পাদক মানসজ্যোতি সন্দিকৈয়ে আঁত ধৰা যোগদান সভাত বিধায়ক কুশল দুৱৰী, কিষাণ মৰ্চাৰ জিলা সভাপতি নিতুলমণি বড়া, সাধাৰণ সম্পাদক সপোন কুমাৰ দত্ত, উপ সভাপতিদ্বয় যদুমণি দত্ত আৰু  মানৱ আদিত্য, জিলা সাধাৰণ সম্পাদকদ্বয় প্ৰাঞ্জল কটকী আৰু পলাশ শইকীয়া, এ পি জি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, অ বি চি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতুপন ৰাইদঙীয়া, মহিলা মৰ্চাৰ দিপীকা কাকতি দুৱৰী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভবেন্দ্ৰ নাথ মহন, বিনীতা শইকীয়া দে, মিডিয়া কোষৰ ৰাজ্যিক সহ আহ্বায়িকা ডঃ ভাস্বতী চক্ৰবৰ্ত্তী, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা, ধৰ্মেশ্বৰ কোঁৱৰ, বিজিত গগৈ, ডঃ অংশুমিতা গগৈ, হৰিপ্ৰশন্ন হাজৰিকা, হীৰকজ্যোতি বৰ্মনকে ধৰি বহুকেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। মঙলবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰা লোকসকলক দলীয় গামোচা আৰু দলৰ প্ৰতীক সম্বলিত এটি টুপীৰে ৰাজ্যিক নেতৃত্বই দললৈ আদৰণি জনায়।