চিপাঝাৰ
১৩ ডিচেম্বৰ

দেওবাৰে দৰং জিলাৰ অন্তৰ্গত পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাত “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক এক প্ৰেৰণাত্মত বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত, বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে হালধা গাঁৱৰ শতাধিক লোক। অনুষ্ঠানৰ অন্তত নতুৰ ধানৰ চাউলেৰে ন লগোৱা অনুষ্ঠানত গাঁওবাসীৰ সৈতে এসাঁজ গ্ৰহণ কৰে ডঃ দিব্যজ্যোতি শইকীয়াই।

দৰং জিলা প্ৰশাসনে ২০১৭ চনত জিলাখনৰ ভিতৰতে স্বচ্ছ তথা আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা হালধা গাঁৱত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানত। স্বচ্ছ আৰু নিৰ্মাণ অভিযান, হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি হয় পুৱা ৬ বজাৰ পৰা চাফাই কৰ্মৰে। ইয়াৰ পিছতে ১০ বজাৰ পৰা শান্তি আৰু মানৱতা সন্দৰ্ভত “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক এক বিশেষ প্ৰেৰণাত্মত বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত, বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। শতাধিক গাঁওবাসীৰ উপস্থিত থকা বক্তৃতানুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই কয় যে “গাঁও এখন স্বচ্ছ কৰি ৰখাটো অতিকৈ প্ৰয়োজন। হালধা গাঁওবাসীয়ে জিলাখনৰ ভিতৰত এক স্বচ্ছ গাঁৱৰ স্বীকৃতি লাভ কৰাটো অতিকৈ গৌৰৱৰ বিষয়া। হালধা গাঁৱৰ এই স্বীকৃতি লাভৰ আঁৰত আছে গাঁওখনৰ প্ৰতিগৰাকী লোকৰে প্ৰচেষ্টা। গাঁওবাসীৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাত ভৱিষ্যতে হালধা গাঁওখন স্বচ্ছতাৰ লগতে অন্যান্য দিশটো আগুৱাই গৈ ভাৰতৰ ভিতৰতে এখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ডঃ দিব্যজ্যোতি শইকীয়াই। “গাঁও এখন স্বচ্ছ হৈ থকাৰ লগতে গাঁওখনত বসবাস কৰা প্ৰতিগৰাকী লোকৰ মন-মস্তিষ্ক স্বচ্ছ হৈ থকাটো অতিকৈ প্ৰয়োজন বুলিও বক্তৃতানুষ্ঠানত অনুষ্ঠনাত বক্তৃতা প্ৰদান কৰি ডঃ দিব্যজ্যোতি শইকীয়াই কয় “অন্ধবিশ্বাস মুক্ত আৰু শান্তি আৰু মানৱতা অবিহনে এখন সমাজৰ অথবা এখন গাঁৱৰ প্ৰকৃত বিকাশ হ’ব নোৱাৰে। এখন সমাজ অথবা গাঁৱত বসবাস কৰা লোক অন্ধবিশ্বাস মুক্ত হ’লে সেইখন সমাজ অথবা গাঁৱত শান্তি আৰু মানৱতা প্ৰতিষ্ঠা কৰাটো সম্ভৱ”।

ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মত অনুষ্ঠানৰ পিছতেই হালধা গাঁৱত নতুন ধানৰ চাউলেৰে অনুস্থিত হয় ন লগোৱা অনুষ্ঠান। ন লগোৱা অনুষ্ঠানত গাঁওবাসীৰ লগত মিলি এসাঁজ গ্ৰহণ কৰে ডঃ দিব্যজ্যোতি শইকীয়াই। দৰং জিলাৰ পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাত অনুষ্ঠিত হোৱা উক্ত সমূহ কাৰ্যসূচীৰ মিডিয়া পাৰ্টনাৰ হিচাপে থাকে নিউজ পৰ্টেল সংবাদ ৩৬৫, এন ই ফকাচ আৰু নেক্সটাৰ নিউজ।