গুৱাহাটী, সংবাদ ৩৬৫, ১২ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি উত্তৰ পূবৰ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জড়িয়তে হিন্দু শৰণাৰ্থীক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নে’ছঅ’ই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত উত্তৰ পূবৰ ৮ টা ছাত্ৰ সংগঠন একত্ৰিত হৈ দীঘলীপুখুৰীপাৰত সাব্যস্ত কৰা প্ৰতিবাদস্থলীত উত্তৰ পূবৰ সকলোবোৰ ৰাজ্যৰ ছাত্ৰ নেতা সকলে অংশগ্ৰহণ কৰে। ছাত্ৰ নেতা সকলে বিধেয়কখন বাতিল কৰাৰ দাবী জনোৱাৰ লগতে উত্তৰ পূৱৰ ছাত্ৰ সমাজে এই আইনখন কেতিয়াও মানি নলয় বুলি জানিবলৈ দিয়ে। এই আইনখনৰ জড়িয়তে যদি বাংলাদেশৰ নাগৰিকক সংস্থাপন কৰে হয় তেন্তে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হব বুলিও মন্তব্য প্ৰকাশ কৰে ছাত্ৰ নেতা সকলে। শনিবাৰে নে’ছঅ’ৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত অহা ২১ মে’ত উত্তৰ পূৱৰ ৭ খন ৰাজ্যৰ ৰাজধানীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। উল্লেখ্য যে উত্তৰ পূৱৰ ছাত্ৰ সংগঠন সমূহৰ উমৈহতীয়া মঞ্চ নে’ছঅ’ই শুক্ৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈ যুজঁ দিয়াৰ কথা ঘোষণা কৰিছিল।