মুস্তক আহমেদ

জুৰীয়া

২২ ডিচেম্বৰ

জুৰীয়াৰ বামুনগাঁৱৰ প্ৰতিভাৱান কিশোৰৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে কেইবাগৰাকী মহান ব্যক্তিৰ চিত্ৰ। চিত্ৰ অংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কিশোৰ গৰাকীয়ে অংকন কৰিছে চিত্ৰ।

এগৰাকী কিশোৰৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে দেশ তথা ৰাজ্যৰ কেইগৰাকী মহান ব্যক্তিৰ চিত্ৰ। চিত্ৰ অংকনৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ মহামানৱ মহাত্মা গান্ধী, হাৰ্ট থ্ৰব জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, লতা মঙ্গেশকাৰৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কিশোৰ গৰাকীয়ে আঁকি গৈছে দেশ তথা ৰাজ্যৰ কেইবাগৰাকী গৰাকী মহান ব্যক্তিৰ ছবি৷ নগাঁও জিলাৰ জুৰীয়া বামুণগাঁৱৰ অয়ন ভৰদ্বাজ জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ৷ বিদ্যালয়ৰ পৰা আহি ঘৰত ব্যস্ত হৈ থাকে অয়ন ভৰদ্বাজ
ছবি অংকনত৷ ভবিষ্যত এজন চিকিৎসক হোৱাৰ সপোন অয়ন ভৰদ্বাজৰ৷

মঙলাবাৰে কিশোৰ গৰাকীৰ ঘৰত সাংবাদিক উপস্থিত হোৱাত পিতৃ দিলীপ চন্দ্ৰ শৰ্মা উৎফুল্লিত হৈ পৰে আৰু পুত্ৰক প্ৰশিক্ষণৰ দিহা কৰিব বুলি প্ৰকাশ কৰে৷ কিশোৰ গৰাকীৰ উজ্বল ভৱিষ্যতৰ বাবে জুৰীয়াৰ সাংবাদিক সকলে কিশোৰ গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।