কুন্দন ভৰালী

নগাঁও

২২ ডিচেম্বৰ

বটদ্ৰৱাৰ গাখজুৱাত উত্তপ্ত পৰিস্থিতি। এজন বিবাহিতা পুৰুষৰ কামনাৰ বলী হৈ অৱৈধ মাতৃত্বৰ বোজা এগৰাকী নাৱালিকাৰ। উত্তেজিত মহিলাই আক্ৰমণ কৰিলে নাবালিক গৰাকীৰ মাতৃক। ৰাইজে অগ্নি সংযোগ কৰিলে পুৰুষ জনৰ ঘৰত। 

নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত গাখজুৱাত মঙলাবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এজন বিবাহিত পুৰুষৰ কামনাৰ বলী হৈ এগৰাকী নাবালিকাই অৱৈধ মাতৃত্বৰ বোজা ল’ব লগীয়া হোৱাত স্থানীয় একাংশ মহিলাই নাৱালিকা গৰাকীৰ মাতৃক প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক আক্ৰমণকাৰী মহিলাৰ সকলৰ মাজৰ পৰা উদ্ধাৰ কৰে। ইফালে একাংশ উত্তেজিত লোকে বিবাহিতা পুৰুষ জনৰ ঘৰত অগ্নি সংযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

নাৱালিকা গৰাকীক মঙলাবাৰে পুৱা বিবাহিতা পুৰুষ জনে ঘৰৰ পৰা লৈ যোৱা বুলি স্থানীয় লোকে জানিব দিয়ে। ধনীয়াভেটি গাঁৱৰ বাসিন্দা পুৰুষ জন নাৱালিকা গৰাকীৰ পিতৃৰ এটা পুখুৰী ভাড়াত লৈ মাছ পালন কৰিছিল আৰু সেই অচিলালৈয়ে নাৱালিকা ঘৰত সঘন আহ যাহ কৰিছিল পুৰুষ জন। বৰ্তমান মিকিৰভেটা আৰু বৰিবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি কিছু শাম কাটে।