ইটানগৰ

৫ ছেপ্টেম্বৰ

অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি চীনলৈ নিলে। অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ নাচুত ভাৰত-চীন সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে টুইট যোগে প্ৰকাশ কৰিছে এই ভয়ংকৰ ঘটনা।

ভাৰত-চীন সীমান্তত অব্যাহত আছে চীনা সংখ্যাৰ দপদপনি। ভাৰতৰ ভূমিত প্ৰৱেশ কৰি চীনা সংখ্যাই চলাই গৈছে ভাৰতীয় লোকৰ ওপৰত নিৰ্যাতন। এইবাৰ অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনা সন্যাই ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ এক ঘটনা সংঘটিত হৈছে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে টুইট যোগে প্ৰকাশ কৰিছে যে অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ নাচুত ভাৰত-চীন সীমান্তত চীনৰ পি এল এ সেনাই ভাৰতৰ ভূমিত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ পাঁচ জনকৈ যুৱকক বন্দী কৰি লৈ গৈছে। পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে এই তথ্য টুইট যুগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে। চীনা সৈন্যই বন্দী কৰি নিয়া অৰুণাচল প্ৰদেশৰ যুৱক কেইজন হৈছে ক্ৰমে তানু বাকেৰ, প্ৰচাৰ ৰিংলিং, নাগৰু ডিৰী, নাংটো এবিয়া আৰু এৰি তাচো চিংসম।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত বিগত আগষ্ট মাহৰে পৰা এক ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে। পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংৰ এই টুইটৰ পিছতে অৰুণাচল প্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অভিমুখে যাত্ৰা আৰম্ভ কৰিছে অৰুণাচল প্ৰদেশৰ সোৱণশিৰীৰ ছাত্ৰ সংগঠনে।